অসমঅসমীয়া

চৰকাৰৰ সৈতে আলোচনালৈ আহিব নে পৰেশ বৰুৱা? কি ক’লে ইষ্টাৰ্ণ কমাণ্ডাৰ মুৰব্বী ৰাণাপ্ৰতাপ কলিতা

নিউজ ডেস্কঃ আলফা স্বাধীন আৰু চৰকাৰৰ মাজত শান্তি আলোচনাক লৈ চৰ্চা অব্যাহত আছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শান্তি আলোচনাক লৈ আশা ব্যক্ত কৰাৰ সমান্তৰালভাৱে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাইও ইয়াৰ পোষকতা কৰিছে।

কিন্তু তাৰ মাজতে আলফা আৰু চৰকাৰৰ মাজত শান্তি আলোচনা সম্ভৱ নহয় বুলি সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় সেনাৰ ইষ্টার্ন কমাণ্ডৰ জি অ’ চি লেফটেনেন্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাই।

photo1652766378

সেনাৰ ইষ্টার্ন কমাণ্ডৰ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ নাৰেংগীত থকা সেনাৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সেনা বিষয়াগৰাকীয়ে সম্ভাৱনা ব্যক্ত কৰে যে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ আলোচনাৰ প্ৰতি কোনো আগ্ৰহ নাই।

সংবাদমেলত তেওঁ কয়, ”পৰেশ বৰুৱাই সংবাদ মাধ্যমত দিয়া শেহতীয়া সাক্ষাৎকাৰ দেখিছো।

তাত তেওঁ চৰকাৰৰ সৈতে হ’বলগীয়া আলোচনা সাৰ্বভৌমত্বৰ বিষয়ত হ’ব লাগিব বুলি স্পষ্টভাৱে কৈছে। অৰ্থাৎ ইয়াৰ জৰিয়তে তেওঁ স্বাধীন অসমৰ বিষয়টো আলোচনাৰ পূৰ্বচৰ্ত হিচাপে আৰোপ কৰিছে। কিন্তু কোনো চৰকাৰে সাৰ্বভৌমত্বৰ বিষয়ত আলোচনা কৰিব নোৱাৰে। গতিকে মই ভাৱো পৰেশ বৰুৱা আলোচনালৈ নাহে।’’

আলফাৰে শান্তি আলোচনাৰ বাবে চৰকাৰে সকলো সম্ভৱ চেষ্টা কৰিছে বুলি মন্তব্য কৰি লেফটেনেন্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাই কয় যে এই আলোচনাৰ বাট বন্ধ কৰিছে আলফা স্বাধীনেহে।

ইফালে শেহতীয়াকৈ পৰেশ বৰুৱাই প্ৰদান কৰা কেইবাটাও সাক্ষাৎকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে আলফাৰ সেনাধ্যক্ষগৰাকীয়ে সংবাদ মাধ্যমক কি কৈছে সেয়া গুৰুত্বপূৰ্ণ নহয়। ডাঙৰ কথাটো হৈছে যে তেওঁৰ কথা যুৱ চামে কেনেদৰে গ্ৰহণ কৰিছে সেয়াহে।

এতিয়া যুৱচামে শান্তি আৰু উন্নয়নৰ লগত থাকিব লাগিব নে হাতত অস্ত্ৰ তুলি ল’ব লাগিব সেই সিদ্ধান্ত নিজেই ল’ব লাগিব বুলিও মন্তব্য কৰে সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰগৰাকীয়ে।

আনহাতে বৰ্তমান আলফা স্বাধীন উজনি অসমৰ কেৱল দুখন জিলাতে সীমাবদ্ধ বুলি দাবী কৰি লেফটেনেন্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাই কয় যে আলফাই যুৱচামক আকৃষ্ট কৰিবলৈ সামাজিক মাধ্যমৰ সহায় লৈছে। শেহতীয়াকৈ আলফাৰ সদস্যভৰ্তি অভিযানবোৰো সামাজিক মাধ্যমৰ জৰিয়তে হৈছে।

তদুপৰি আলফা স্বাধীনত শেহতীয়াকৈ যোগদান কৰা অধিকাংশই অপৰাধমূলক কাম-কাজৰ সৈতে জড়িত বুলি মন্তব্য কৰে সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা প্ৰথমগৰাকী অসমীয়া ৰাণাপ্ৰতাপ কলিতাই।

Leave a Reply

Your email address will not be published. Required fields are marked *