পৃথককৈ ৰখা হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱাগত হোষ্টেল আবাসীকঃ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱাল

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া।

ইয়াৰ মাজতে ঘটনাৰ তদন্ত সন্দৰ্ভত সংবাদমেলযোগে কেতবোৰ কথা প্ৰকাশ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালে।

পঞ্জীয়ক গৰাকীয়ে জানিবলৈ দিয়ে যে, উচ্চস্তৰীয় কমিটিয়ে ৰেগিং কাণ্ডক লৈ প্ৰতিবেদন দাখিল কৰা বাবে সময় নিৰ্ধাৰণ কৰি দিছিল যদিও অতিৰিক্ত সময় বিচাৰিছে তদন্ত সমিতিয়ে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা পাঁচজন অভিযুক্ত ছাত্ৰৰ সাক্ষ্য গ্ৰহণৰ বাবে উচ্চস্তৰীয় কমিটিক অনুমতি দিয়া নাই ডিব্ৰুগড় আদালতে। সোমবাৰৰ ভিতৰত আদালতে অনুমতি দিয়াৰ সম্ভাৱনা আছে বুলিও জনাই পঞ্জীয়কগৰাকীয়ে।

পঞ্জীয়কগৰাকীয়ে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিব বুলি সংবাদমেলত সদৰি কৰে।

ভবিষ্যতে যাতে ৰেগিং কাণ্ড সংঘটিত হ’ব নোৱাৰে তাৰ বাবে নৱাগত ছাত্ৰসকলক পৃথককৈ ৰখাৰ ব্যৱস্থা কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

ইফালে, পঞ্জীয়ক গৰাকীয়ে কয়- অসমবাসীৰ আশীৰ্বাদত ক্ৰমাৎ সুস্থ হৈছে আনন্দ শৰ্মা। চিকিৎসকৰ সহযোগত বিছনাত বহিব পাৰিছে আনন্দ শৰ্মা। বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত তিনি ঘন্টা জোৰা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল আনন্দ শৰ্মাৰ। ৰাজহাড়ত হোৱা অস্ত্ৰোপচাৰৰ পাছতেই ক্ৰমাৎ সুস্থ হৈ উঠিছে আনন্দ শৰ্মা।