‘পুস্পা’ৰ ষ্টাইলত তেলৰ টেংকাৰত কৌশলেৰে সৰবৰাহ অবৈধ চুপাৰি! কাছাৰত জব্দ ১১খন বাহন, ১১জনক আটক…

নিউজ ডেস্কঃ দক্ষিণৰ ছুপাৰহিট ছবি ‘পুুস্পা’ৰ ষ্টাইলত তেলৰ টেংকাৰত অবৈধভাৱে চুপাৰি সৰবৰহাৰ সময়তে কাছাৰত আৰক্ষীৰ জালত পৰিল সৰবৰাহকাৰী।

বিগত দুটা দিনত কাছাৰত নিষিদ্ধ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰখাৰ সময়তে পোহৰলৈ আহিছে সৰবৰাহকাৰীৰ এই নতুন কৌশল।

উল্লেখ্য যে, ২০২১ চনত মুক্তিলাভ কৰিছিল আল্লু অৰ্জুন অভিনীত তেলেগু ছবি ‘পুস্পা’।

এই ছবিখনত এজন স্মাগলাৰৰ ভুমিকাত অভিনয় কৰা আল্লু অৰ্জুন ওৰফে পুস্পাই আৰক্ষীৰ চকুত ধূলি দি গাখীৰৰ টেংকাৰৰ ভিতৰত কৌশলেৰে সৰবৰাহ কৰিছিল মহা মূল্যবান লালচন্দন।

সেই একেই কৌশল অৱলম্বন কৰি আৰক্ষীৰ চকুত ধূলি দি তেলৰ টেংকাৰেৰে সৰবৰাহৰ চেষ্টা কৰি কাছাৰত আৰক্ষীৰ জালত পৰে চুপাৰি সৰবৰাহকাৰী।

প্ৰণিধানযোগ্য যে, দেওবাৰ আৰু সোমবাৰে কাছাৰ আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ১১ খন চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে ১১ জন লোকক আটক কৰিবলৈ সক্ষম হৈছে।