ৰাষ্ট্ৰীয়

পুলৱামাত সেনা-আৰক্ষীৰ অভিযানত নিহত লস্কৰ-এ-তৈবাৰ ৩ সন্ত্ৰাসবাদী…

জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদীৰ আতংক। দেওবাৰে পুলৱামা জিলাৰ পাহু অঞ্চলত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত পুনৰ ৩জনকৈ দুধৰ্ষ সন্ত্ৰাসবাদী নিহত হয়।

নিহত সন্ত্ৰাসবাদী কেইজনক লস্কৰ-এ-তৈবাৰ সদস্য বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, বিগত তিনিদনত জম্মু-কাশ্মীৰত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে চলোৱা ৪টা অভিযানত ১০ জন সন্ত্ৰাসবাদী নিহত হৈছে।

ইফালে জম্মু-কাশ্মীৰৰ আৰক্ষী আয়ুক্তই জানিবলৈ দিয়া মতে, দেওবাৰে এক গোপন খবৰৰ ভিত্তিত সেনা আৰু আৰক্ষীয়ে পুলৱামাৰ পাহু অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল।

এই অভিযানৰ সময়ত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ দলটোৱে অভিযানকাৰী দলটোলৈ গুলিবৰ্ষণ কৰাত প্ৰত্যুত্তৰত সেনা-আৰক্ষীয়েও গুলীচালনা কৰে। যাৰ ফলত ৩ জন সন্ত্ৰাসবাদী নিহত হয়।

ইয়াৰ পূৰ্বে, বাৰামুলাত চলোৱা অভিযানত ৩জন সন্ত্ৰাসবাদী নিহত হৈছিল। আনহাতে কুলগামত দুজন আৰু জম্মুৰ চুঞ্জৱানত চলোৱা সন্ত্ৰাসবাদী বিৰোধী অভিযানত জৈছ-এ-মহম্মদৰ দুজন কেডাৰ নিহত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *