অসম

জিগনেশ ঝুকেগা নহী! আৰক্ষীৰ বাহনৰ ভিতৰতে ‘পুস্পা’ৰ ষ্টাইল দেখুৱাই এই বাৰ্তা দিলে জিগনেশ মেৱানীয়ে

জিগনেশ ঝুকেগা নহী! আদালতৰ পৰা ওলোৱাৰ পিছত আৰক্ষীৰ বাহনত জনপ্ৰিয় ‘পুস্পা’ৰ ষ্টাইলত যেন এই কথাই ক’লে গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীয়ে।

উল্লেখ্য যে, এটা সাধাৰণ টুইটক কেন্দ্ৰ কৰি অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গুজৰাটৰ পালনপুৰৰ বিধায়ক জিগনেশ মেৱানীক।

আৰক্ষীয়ে মেৱানীক তিনিদিন নিজৰ জিম্মাত ৰখাৰ পিছত দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়।

আৰক্ষীয়ে অধিক সোধা-পোছাৰ বাবে মেৱানীক পুনৰ ১০ দিনৰ বাবে আৰক্ষী জিম্মাত বিচাৰে যদিও আদালতে এদিনৰ বাবে বিধায়কগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আদালতত প্ৰায় ডেৰ ঘণ্টা ধৰি এই গোচৰৰ শুনানি চলে।

ইফালে আদালতৰ পৰা বাহিৰলৈ আনি জিগনেশ মেৱানীক আৰক্ষীৰ গাড়ীলৈ ন্যায়িক জিম্মালৈ লৈ যোৱাৰ সময়তে সাংবাদিকক দেখুৱাই ‘পুস্পা’ৰ বিশেষ ভংগী দেখুৱায় মেৱানীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *