অবৈধ তেল শোধানাগাৰত ভয়ংকৰ বিস্ফোৰণ, কমেও ১০০ জনৰ মৃত্যু…

নাইজেৰিয়াৰ ৰিভাৰছ আৰু ইমো ষ্টেটৰ সীমান্তত থকা এটা অবৈধ তেল শোধানাগাৰত সংঘটিত ভয়ংকৰ বিস্ফোৰণত প্ৰাণ হেৰুৱায় কমেও ১০০ জন লোকে। এই ঘটনা শুকুৰবাৰে সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

দেওবাৰে তেল শোধানাগাৰটোৰ চৌদিশে সিঁচৰিত হৈ পৰি ৰোৱা মৃতদেহৰ অংগ, জোতা, কাপোৰ আদিয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে।

ইফালে এই বিস্ফোৰণৰ সময়ত বহু লোক কাষৰ অৰণ্যলৈ পলায়ন কৰাত অৰণ্যৰ মাজতো মৃতদেহ উদ্ধাৰ হোৱাৰ আশংকা কৰা হৈছে। যাৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে।

4Zs3kbzy?format=jpg&name=small

সমগ্ৰ অঞ্চলটোত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে যদিও অধিক বায়ু প্ৰদূষণৰ বাবে অভিযানৰ গতি লেহেমীয়া হোৱা বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাৰ এগৰাকী বিষয়াই।

নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰীয়ে ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰি এনে দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ অবৈধ তেল শোধানাগাৰৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে।

উল্লেখ্য যে, অক্টোবৰত ৰিভাৰছ ষ্টেটৰ আন এটা অবৈধ শোধনাগাৰত সংঘটিত বিস্ফোৰণ আৰু অগ্নিকাণ্ডত শিশুসহ কমেও ২৫ জন লোক নিহত হৈছিল। ফেব্ৰুৱাৰী মাহতো এটা অবৈধ তেল শোধানাগাৰত সংঘটিত হৈছিল অনুৰূপ ঘটনা।

Leave a Comment