মৰ্মান্তিক! বাঢ়নী পানীত উটি গ’ল স্ক’ৰপিঅ’ বাহন, সলিল সমাধি ঘটিল একেটা পৰিয়ালৰ ৬ সদস্যৰ

নিউজ ডেস্কঃ প্ৰলয়ংকাৰী বানে বিভীষিকা নমাইছে মহাৰাষ্ট্ৰত। ধাৰাসাৰ বৰষু্ণৰ ফলত বৃদ্ধি পোৱা নৈৰ জলস্তৰে ইতিমধ্যে বুৰাই পেলাইছে বিস্তৃৰ্ণ অঞ্চল। বানৰ এনে ভয়ংকৰ পৰিস্থিতিৰ মাজতে মঙলবাৰে নাগপুৰত সংঘটিত হয় এক শোকাবহ ঘটনা।

নাগপুৰ জিলাৰ কেলৱাডত বামনামাৰী নৈৰ বাঢ়নী পানীত উটি মঙলবাৰে উটি হ’ল এটা পৰিয়ালে যাত্ৰা কৰা এখন স্ক’ৰপিঅ’ বাহন। এই ভয়ংকৰ ঘটনাত বাহনখনৰ ভিতৰত থকা ৬ গৰাকী যাত্ৰীৰেই সলিল সমাধি ঘটে। ইতিমধ্যে তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও আন তিনিজনৰ মৃতদেহৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে।

image 119
মৰ্মান্তিক! বাঢ়নী পানীত উটি গ’ল স্ক’ৰপিঅ’ বাহন, সলিল সমাধি ঘটিল একেটা পৰিয়ালৰ ৬ সদস্যৰ 3

জানিব পৰা মতে, মধ্যপ্ৰদেশৰ মুলতাই নিৱাসী মধুকৰ পাটিল (৬৫) নামৰ লোকজনে পৰিয়ালসহ নান্দাৰ এজন আত্মীয়ৰ ঘৰৰ পৰা উভতি যোৱাৰ পথতে বামনামাৰী নৈৰ ওপৰৰ দলং অতিক্ৰম কৰাৰ সময়ত তেওঁলোকৰ বাহনখন নৈৰ কোবাল সোঁতত উটি যায়।

যাৰ ফলত গাড়ীৰ সৈতে নৈৰ পানীত বুৰ গৈ মৃত্যুক সাৱটি লয় মধুকৰ পাটিল (৬৫)ৰ গোটেই পৰিয়ালটোৱে। নিহত সকলক ৰোশনী নৰেন্দ্ৰ চৌকিকাৰ (৩২), দৰস নৰেন্দ্ৰ চৌকিকাৰ (১০), চালক লীলাধৰ হিৱাৰে (৩৮), মধুকৰ পাটিল (৬৫), নিৰ্মলা মধুকৰ পাটিল (৬০) আৰু নীমু আঠনেৰ (৪৫) বুলি চিনাক্ত কৰা হৈছে।

image 118
মৰ্মান্তিক! বাঢ়নী পানীত উটি গ’ল স্ক’ৰপিঅ’ বাহন, সলিল সমাধি ঘটিল একেটা পৰিয়ালৰ ৬ সদস্যৰ 4

উদ্ধাৰকাৰী দলে নৈৰ বুকুৰ পৰা ৰোশনী, মধুকৰ আৰু নীমুৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও এতিয়াও উদ্ধাৰ কৰিব পৰা নাই আন কেইজনৰ মৃতদেহ।

উল্লেখ্য যে, প্ৰবল বৃষ্টিপাতৰ বাবে ইতিমধ্যে মহাৰাষ্ট্ৰৰ ৬ খন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। সমগ্ৰ ৰাজ্যখনত ৫০ জনৰো অধিক লোকে ইতিমধ্যে বান আৰু বৰষুণৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে।