পুতি-দুৰ্গন্ধময় নলা পৰিস্কাৰৰ বাবে নিজেই নামিল কাউন্সিলাৰ, সমৰ্থকে কৰোৱালে দুগ্ধস্নান

নিউজ ডেস্ক। আহি আছে দিল্লীৰ পৌৰ নিগমৰ নিৰ্বাচন।

দিল্লীৰ তিনিখন পৌৰ নিগমক একত্ৰিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক লৈ আম আদমী পাৰ্টী আৰু বিজেপিৰ মাজত ৰাজনৈতিক বিবাদ অব্যাহত থকাৰ সময়তে এইবাৰ এটা অপৰিস্কাৰ নলা চাফা কৰিবলৈ নিজেই নামি পৰিল এগৰাকী আপ কাউন্সিলাৰ।

p2 14
পুতি-দুৰ্গন্ধময় নলা পৰিস্কাৰৰ বাবে নিজেই নামিল কাউন্সিলাৰ, সমৰ্থকে কৰোৱালে দুগ্ধস্নান 3

এয়া দিল্লীৰ শাস্ত্ৰী পাৰ্কৰ ঘটনা। এটা আৱৰ্জনা ভৰ্তি নলা চাফা কৰিবলৈ ধৱল কুৰ্তা পিন্ধি নলাত নমা দেখা গ’ল পূব দিল্লীৰ আপ কাউন্সিলাৰ হাচিব-উল-হাছানক। কাউন্সিলাৰগৰাকীয়ে নলা চাফা কৰাৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

p1 20
পুতি-দুৰ্গন্ধময় নলা পৰিস্কাৰৰ বাবে নিজেই নামিল কাউন্সিলাৰ, সমৰ্থকে কৰোৱালে দুগ্ধস্নান 4

ইফালে কাউন্সিলাগৰাকীয়ে নলাৰ পৰা উঠি অহাৰ পিছত ‘ফিল্মী ষ্টাইলেৰে’ তেওঁক দুগ্ধধান কৰোৱাও পৰিলক্ষিত হয়। বলিউডৰ ছবি ‘নায়ক’ৰ দৰে কাউন্সিলাৰ গৰাকীক দুগ্ধস্নান কৰোৱাই বিজেপি মুৰ্দাবাদ ধ্বনি দিয়ে তেওঁৰ সমৰ্থকসকলে।

অভিযোগ অনুসৰি, স্থানীয় বিজেপি বিধায়ক অনিল কুমাৰ বাজপা আৰু স্থানীয় কাউন্সিলাৰে অপৰিস্কাৰ, পুতিদুৰ্গন্ধময় নলাটো চাফা কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। স্থানীয় ৰাইজে বাৰাম্বাৰ আবেদন নিবেদন কৰাৰ পিছতে স্থানীয় বিধায়কগৰাকীয়ে নলাটো পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাত আপ পৰিষদেই নিজে নলা চাফাৰ দায়িত্ব গ্ৰহণ কৰে।

ইয়াৰ পিছত অতি নাটকীয়ভাৱে ধৱল কুৰ্তা পৰিধান কৰি আৱৰ্জনা ভৰ্তি নলাত জঁপিয়াই পৰে আপ কাউন্সিলাৰ হাচিব-উল-হাছানে।

উল্লেখ্য যে, দিল্লীৰ তিনিখন পৌৰ নিগমক একত্ৰিত কৰাৰ কেন্দ্ৰৰ পৰিকল্পনাক লৈ আপ আৰু বিজেপি কেইবা সপ্তাহ ধৰি সংঘৰ্ষত লিপ্ত হৈ আছে। মঙলবাৰে, এক বিধেয়ক কাৰ্যকৰী হ’ব যিয়ে কেন্দ্ৰীয় কেবিনেটৰ পৰা সন্মতি লাভ কৰে।

দিল্লী পৌৰ নিগম (সংশোধনী) বিধেয়ক – যি দক্ষিণ দিল্লী পৌৰ নিগম, উত্তৰ দিল্লী পৌৰ নিগম আৰু পূব দিল্লী পৌৰ নিগমক একত্ৰিত কৰিব- চলিত সংসদ অধিৱেশনত উত্থাপন কৰা হ’ব বুলি আশা কৰা হৈছে।

আপে বিধেয়কখনৰ সময় সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে, যাৰ ফলত পৌৰ নিৰ্বাচন প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পৌৰ নিৰ্বাচন স্থগিত নকৰিবলৈ আহ্বান জনাইছে।

Leave a Comment