ইউক্ৰেইনৰ শৰনাৰ্থীৰ বাবে নোবেল পদক নিলাম কৰিব ৰাছিয়াৰ সাংবাদিকে…

নিউজ ডেস্ক। ইউক্ৰেইনৰ শৰণাৰ্থীসকলৰ সহায়ৰ বাবে এইবাৰ আগবাঢ়ি আহিছে শান্তিৰ নোবেল বঁটা বিজয়ী।

২০২১ বৰ্ষৰ শান্তিৰ নোবেল বঁটা যুটীয়াভাৱে লাভ কৰা ৰাছিয়াৰ সাংবাদিক ডিমিট্ৰি মুৰাটভে তেওঁৰ নোবেল বঁটাৰ পদক নিলাম কৰাৰ ঘোষণা কৰিছে।

G1 41
ইউক্ৰেইনৰ শৰনাৰ্থীৰ বাবে নোবেল পদক নিলাম কৰিব ৰাছিয়াৰ সাংবাদিকে... 2

মঙলবাৰে প্ৰকাশিত এক বিবৃতি অনুসৰি নোভায়া গেজেটৰ সম্পাদক ডিমিট্ৰি মুৰাটভে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পিছত “আঘাতপ্ৰাপ্ত আৰু ৰুগীয়া শিশু”ৰ “জৰুৰী চিকিৎসা”ৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ নোবেল পদক বিক্ৰী কৰিব বিচাৰিছে।

উল্লেখ্য যে, মুৰাটভে ২০২১ চনত ফিলিপিনো আমেৰিকান সাংবাদিক মাৰিয়া ৰেছাৰ সৈতে যুটীয়াভাৱে লাভ কৰিছিল শান্তিৰ নোবেল বঁটা।

ইফালে ডিমিট্ৰি মুৰাটভে প্ৰকাশ কৰা মতে, তেওঁৰ নোবেল পদক বিক্ৰীৰ ধন এটা বেচৰকাৰী সংস্থাৰ জৰিয়তে ইউক্ৰেইনৰ পৰা অহা শৰণাৰ্থীসকলৰ সহায়ৰ বাবে ব্যৱহাৰ কৰা হব। এক বিবৃতিত, মুৰাটভে যুদ্ধবিৰতি, বন্দীত্বৰ অৱসান আৰু মানৱীয় ক’ৰিডৰৰ ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ (ইউএনএইচচিআৰ) শেহতীয়া তথ্য অনুসৰি ৩.৫ নিযুতৰো অধিক শৰণাৰ্থী ইউক্ৰেইনৰ পৰা পলায়ন কৰিছে।

মুৰাটভে ১৯৯৩ চনত নোভায়া গেজেটৰৰ প্ৰতিষ্ঠা কৰিছিল আৰু ১৯৯৫ চনৰ পৰা তেওঁ কাকতখনৰ মুখ্য সম্পাদকৰ দায়িত্বত আছে।

বৰ্তমান সময়ত ৰাছিয়া চৰকাৰক সমালোচনা কৰা আৰু ইউক্ৰেইনত চলোৱা যুদ্ধৰ বিৰোধিতা কৰা ৰাছিয়ান ভাষাৰ যি দুই-এখন কাকত আছে, তাৰ ভিতৰত নোভায়া গেজেট অন্যতম।

Leave a Comment