অসমঅসমীয়া

পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ৪০ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান

নিউজ ডেস্ক। পুৱতি নিশা দাওদাওকৈ জ্বলি উঠিল ডিব্ৰুগড় চহৰৰ নতুন বজাৰ।

পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল নতুন বজাৰৰ ৪০ খনৰো অধিক ব্যৱসায়ীক প্ৰতিষ্ঠান।

G4 19

বৈদ্যুতিক বিজুতিৰ বাবে সংঘটিত হোৱাৰ সন্দেহ কৰা অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সম্পত্তি ভষ্মীভূত হয়।

অগ্নিকাণ্ডৰ ফলত অঞ্চলটোত তীব্ৰ আতংকই বিৰাজ কৰে।

ইফালে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও বিধ্বংসী ৰূপ ধৰা কৰা এই অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ বহু সময় লাগে অগ্নি নিৰ্বাপক বাহিনীক।

অৱশ্যে সৌভাগ্যক্ৰমে এই অগ্নিকাণ্ডত হতাহত হোৱা নাই কোনো লোক।

Leave a Reply

Your email address will not be published. Required fields are marked *