অসমীয়াৰাষ্ট্ৰীয়

দুৰ্ধৰ্ষ ISIS সন্ত্ৰাসবাদী মুছাক আজীৱন কাৰাদণ্ড এনআইএৰ আদালতৰ

নিউজ ডেস্কঃ দুধৰ্ষ আইএছআইএছ সন্ত্ৰাসবাদী মুছাউদ্দিন ওৰফে মুছাক আজীৱন কাৰাদণ্ড এনআইএ আদালতৰ। ভাৰতত সংঘটিত কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত দুধৰ্ষ সন্ত্ৰাসবাদীজনক ২০১৭ চনৰ জুলাইত পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰিছিল কেন্দ্ৰীয় অনুসন্ধানকাৰী দলে।

২০১৩ চনৰ অক্টোবৰত সংঘটিত বৰ্ধমানৰ খাগ্ৰাগড় বিস্ফোৰণত জড়িত আইএছআইএছৰ সন্ত্ৰাবাদী জনৰ সন্ধানত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা নামি পৰিছিল যদিও সেই সময়ত পলাতক হৈ আছিল মুছা। কিন্তু ২০১৭ চনত অভিযান চলাই মুছাক গ্ৰেপ্তাৰ কৰা হয়।

image 49

গ্ৰেপ্তাৰৰ পিছত মুছা প্ৰথমে চিআইডিৰ জিম্মাত আছিল যদিও পৰৱৰ্তী সময়ত এনআইএ কুখ্যাত সন্ত্ৰাসবাদীজনক নিজৰ জিম্মাত লৈ অধিক অনুসন্ধান চলায় আৰু ভাৰতত আন আন কূটাঘাতৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰে। ইয়াৰ পিছতে মুছাক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

আনহাতে মুছাই ভাৰতৰ লগতে বিদেশতো আইএছআইএছৰ নেটৱৰ্ক গঢ়ি তোলাৰ চেষ্টা চলাই আহিছিল বুলিও তথ্য লাভ কৰে এনআইএয়ে।

image 50

ইফালে, মুৰ্ছিদাবাদৰ নিমতিতা ষ্টেচনত সংঘটিত বিস্ফোৰণৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা ঈশা শ্বেখ নামৰ আন এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীও বৰ্তমান এনআইএৰ জিম্মাত আছে।

উল্লেখ্য যে, ১৭ ফেব্ৰুৱাৰীত নিমাতিতা ষ্টেছনত সংঘটিত বিস্ফোৰণত শ্ৰম মন্ত্ৰী জাকিৰ হোছেইনৰ লগতে ২৩ জন লোক আহত হৈছিল। এই বিস্ফোৰণ কাণ্ডৰ তদন্ত চলাই এনআইএয়ে ঈশা শ্বেখক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত আদালতে সন্ত্ৰাসবাদীজনক ৭ জুনলৈকে এনআইএৰ জিম্মালৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *