পঞ্জাৱৰ মুখ্যমন্ত্ৰী হ’ল চৰণজিৎ সিং চন্নি, শিখ দলিত প্ৰাৰ্থীক মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰি চমক কংগ্ৰেছৰ…

পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী হল চৰণজিৎ সিং চন্নি।

শিখ দলিত সম্প্ৰদায়ৰ এজন প্ৰতিনিধিক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰি বৃহৎ চমক দিলে কংগ্ৰেছে।

কাৰণ কেপ্টেইন অমৰিন্দৰ সিঙৰ পদত্যাগৰ পিছত সম্ভাৱ্য মুখ্যমন্ত্ৰীৰ তালিকাত যি সকলৰ নাম চৰ্চাত আছিল সেইসকলৰ ভিতৰত নাম আছিল চৰণজিৎ সিং চন্নিৰ। অমৰিন্দৰ সিং চৰকাৰৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল চন্নি।

পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত দিন ধৰি চলিছিল জল্পনা-কল্পনা। আলোচনাত বহিছিল ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীও।

অৱশেষত পঞ্জাৱৰ দায়িত্বত থকা কংগ্ৰেছ নেতা হৰিশ ৰাৱাটে টুইট কৰি চন্নিৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে।

খবৰ অনুসৰি, পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দীৰ্ঘ সময় চৰ্চাত আছিল সুখজিন্দৰ সিং ৰানধাৱাৰ নাম। কিন্তু অহা বৰ্ষত অনুষ্ঠিত হ’ব পাঞ্জাৱৰ নিৰ্বাচন। তাৰ পূৰ্বে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই যাক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিলে অসন্তুষ্টি নাথাকিব, সেই কথাত গুৰুত্ব দিছিল। সেই অনুসৰি সেই অংকত শেষ মূহুৰ্তত নিৰ্বাচিত হল চন্নি।

চন্নি মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই তেওঁক শুভেচ্ছা জনাইছে সুখজিন্দৰ সিং ৰানধাৱাৰে। তেওঁ কয়, ‘কংগ্ৰেছ হাইকমাণ্ডৰ সিদ্ধান্তত আমি সুখী। চান্নি মোৰ ভাতৃৰ দৰে।’

মুখ্যমন্ত্ৰী হিচাপে নাম ঘোষণা হোৱাৰ পিছতেই ৰাজভৱনত উপস্থিত হয় চন্নি। ৰাজভৱনত উপস্থিত হয় ৰাজ্যিক কংগ্ৰেছ সভাপতি নৱজ্যোৎ সিং সিদ্ধুও।

উল্লেখ্য যে শনিবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল কেপ্টেইন অমৰিন্দৰ সিঙে। কেপ্টেইন সিং আৰু সিদ্ধুৰ মাজত চলি থকা দীৰ্ঘদিনৰ শীতল যুদ্ধৰ অৱসান ঘটাই পদত্যাগ কৰিছিল তেওঁ।

কংগ্ৰেছ হাইকমাণ্ডক অমৰিন্দৰ সিঙৰ বিৰুদ্ধে প্ৰায় ৫০ জন বিধায়কে অভিযোগ দিয়াৰ পিছতেই তেওঁ পদত্যাগ কৰিছিল।

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই তেওঁক অপমান কৰা বুলিও তেওঁ অভিযোগ কৰিছিল। ইয়াৰোপৰি তেওঁ সিদ্ধুক কোনো কাৰণত মুখ্যমন্ত্ৰী হিচাপে মানি নলওঁ বুলি কৈছিল। সিদ্ধুক তেওঁ অযোগ্য বুলি কৈছিল। ইয়াৰোপৰি তেওঁ বিকল্প পথৰ ব্যৱস্থা কৰিব বুলিও জানিবলৈ দিছিল।

Leave a Comment