অসম

এপল’ হাস্পতালত উত্তেজনা! ভুল চিকিৎসাৰ বলি হৈ ৰোগীৰ মৃ্ত্যুৰ অভিযোগ…

গুৱাহাটী মহানগৰীৰ এপল’ হাস্পতালত দেওবাৰে নিশা সংঘটিত হয় তীব্ৰ উত্তেজনাৰ।

ভুল চিকিৎসাৰ বলি হৈ ৰোগীৰ মৃ্ত্যু হোৱাৰ অভিযোগ।

চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হোৱা ভুক্তভোগী ব্যক্তিগৰাকীৰ নাম ৰমেশ কুমাৰ বিৰ্মানী বুলি জানিব পৰা গৈছে।

ৰমেশ কুমাৰ বিৰ্মানী পানবজাৰৰ ৱেষ্টাৰ্ণ বুক ডিপোৰ স্বত্বাধিকাৰী।

চিকিৎসক ডা০ ৰিতুপৰ্ণ বৰুৱাৰ বিৰুদ্ধে অভিযোগ পৰিয়ালৰ লোকৰ।

ৰমেশ কুমাৰ বিৰ্মানীয়ে পাইলছ ৰোগত আক্ৰান্ত হৈ হস্পিটেলখনত চিকিৎসাধীন হৈ থকা সময়তে হস্পিটেলখনৰ চিকিৎসক ডা০ ৰিতুপৰ্ণ বৰুৱাৰ বিৰুদ্ধে বিৰ্মানীৰ পৰিয়ালৰ লোকে ভুল চিকিৎসা কৰাৰ অভিযোগ তোলে।

হাস্পতাল কৰ্তৃপক্ষই অত্যাধিক ধন সংগ্ৰহ কৰাৰো অভিযোগ পৰিয়ালৰ লোকৰ।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *