অসম

মহানগৰীত ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা, জব্দ ৫০০ গ্ৰাম হেৰ’ইন…

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

দেওবাৰে পুৱা গুৱাহাটীৰ হাতীগাঁৱত কামৰূপ আৰক্ষীৰ অভিযান।

এক গোপন খবৰৰ ভিত্তিত গুৱাহাটীৰ হাতীগাঁও থানাৰ অন্তৰ্গত সিজুবাৰীত কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু উপ–আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত অভিযান চলায়।

সেইমৰ্মে সিজুবাৰীৰ এটা পথত ড্ৰাগছ মাফিয়াৰ দুখন গাড়ীক কামৰূপ আৰক্ষীয়ে আগভেটি কৰায়ত্ত কৰাৰ চেষ্টা কৰে।

কিন্তু দুধৰ্ষ ড্ৰাগছ মাফিয়াৰ দলে পলাবলৈ চেষ্টা চলায় যদিও উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীৰ এজন জোৱানে গাড়ীৰ খোলা দৰ্জাৰ পৰা এজন অপৰাধীক টানি পথত নমাই আনে আৰু কিছু সময় অপৰাধীজনক ডিঙিত খামুচি ৰাখিছিল যদিও আন আৰক্ষীসকল বহু দূৰৈত থকা বাবে পিছত পলায়ন কৰিবলৈ সক্ষম হয়।

অপৰাধীৰ টনা–আজোৰত আৰক্ষী কনিষ্টবলজনে ভৰিত কিছু আঘাত পায়।

ইয়াৰ পিছত দুখন বহনত পলায়ন কৰিবলৈ লোৱা দলটোলৈ আৰক্ষীয়ে দুজাঁই গুলীচালনা কৰাত এখন বাহন এৰি আনখন বাহনেৰে ড্ৰাগছ মাফিয়াৰ গেংটো পলায়ন কৰে।

আৰক্ষীৰ গুলী বাহনত লগা বুলি আৰক্ষীয়ে সদৰি কৰে। ইফালে পৰিত্যক্ত গাড়ীখনৰ পৰা আৰক্ষীয়ে পাঁচশ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্ধ কৰে।

জব্দকৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য প্ৰায় তিনি কোটি ৫০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিব দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *