অৰুণাচল প্ৰদেশঅসমীয়া

নৱবৰ্ষ উদযাপনৰ বাবে টাৱাঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে চাই লওঁক কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৰ এইটো ভিডিঅ’

নিউজ ডেস্ক। বৰফৰ শুভ্ৰ চাদৰ গাত মেৰিয়াই প্ৰকৃতিয়ে মোহিনী ৰূপ ধাৰণ কৰি পৰ্যটকক হাতবাউলি মাতিছে অৰুণাচলৰ টাৱাংলৈ।

নৱবৰ্ষৰ প্ৰাকক্ষণত ভূ স্বৰ্গত পৰিণত হোৱা অৰুণাচলৰ টাৱাং প্ৰদেশ পৰ্যটনৰ বাবে এই সময়ত এক মনোৰম ঠাই।

FHi-ZUZVc-AEnmd-O

কিন্তু টাৱাং ভ্ৰমণৰ পূৰ্বে পৰ্যটকসকলক এক বিশেষ আহ্বান জনালে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে।

টাৱাংৰ পৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টাৱাংত হৈ থকা প্ৰচণ্ড তুষাৰপাতৰ বিষয়ে পৰ্যটকসকলক সতৰ্ক কৰি দিয়ে।

বৰ্তমান বৈশাখী, চেলা পাছ আৰু নুৰানাঙৰ মাজত প্ৰচণ্ড বৰফ পৰাৰ বাবে ভ্ৰমণৰ পূৰ্বে সঠিক তথ্য গ্ৰহণ কৰিহে তালৈ যাবলৈ পৰ্যটকক আহ্বান জনায় কিৰেন ৰিজিজুয়ে।

অন্যথা পৰ্যটকসকলে যাতায়তত তীব্ৰ অসুবিধাৰ সন্মুখীন হবলগীয়া হব পাৰে বুলি সতৰ্ক কৰি দি টাৱাংত বৰ্তমান তাপমান মাইনাচ ২৫ ডিগ্ৰী ছেন্টিগ্ৰেডলৈকে হ্ৰাস পাইছে বুলিও ভিডিঅ’টোত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

FHi-Zht-UYAIvc-NP

টুইটাৰ হেণ্ডেলযোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত তেওঁক আৰক্ষী কৰ্মীৰ সৈতে বৰফাবৃত্ত টাৱাংত খোজ কাঢ়ি গৈ থকা দেখিবলৈ পোৱা গৈছে।

ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

নৱবৰ্ষৰ প্ৰাকক্ষণত অৰুণাচল ভ্ৰমণৰ পৰিকল্পনা কৰি থকা সকলক টাৱাংৰ বৰ্তমান পৰিস্থিতিৰ বিষয়ে অৱগত কৰোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জনাইছে অনেকেই।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Reply

Your email address will not be published. Required fields are marked *