অসমীয়াৰাষ্ট্ৰীয়

নৃশংস! গাড়ীৰ পিছফালে বান্ধি ৪ কিলোমিটাৰ পথ চোঁচৰাই নি যুৱতীক হত্যা, ৩১ ডিচেম্বৰৰ নিশা সংঘটিত এই কাণ্ডৰ ৫ অভিযুক্তক গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ ৩১ ডিচেম্বৰৰ নিশা দিল্লীৰ ৰাজপথত এগৰাকী যুৱতীক গাড়ীৰ পিছফালে বান্ধি চোঁচৰাই নি নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

দিল্লীৰ উপ-ৰাজ্যপালে এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে, ২০২২ বৰ্ষৰ শেষ নিশা দিল্লীৰ কাঞ্জাৱালা-চুলতানপুৰী পথত সংঘটিত হৈছিল এক লোমহৰ্ষক ঘটনা।

জানিব পৰা মতে, ইভেণ্ট মেনেজমেণ্টৰ সৈতে জড়িত এগৰাকী যুৱতীয়ে নিশা কাম সম্পাদন কৰি স্কুটীৰে ঘৰলৈ ওভতাৰ পথতে এখন চাৰিচকীয়া বাহনৰ সৈতে সামান্য দুৰ্ঘটনা সংঘটিত হয়।

image 3

এই দুৰ্ঘটনাৰ পিছতে বাহনখনত থকা সুৰাসক্ত ৫ যুৱকে যুৱতীগৰাকীক গাড়ীৰ পিছফালে ৰচীৰে বান্ধি ৪ কিলোমিটাৰ পৰ্যন্ত চোঁচৰাই লৈ যায়।

এই ঘটনাত শৰীৰৰ কেইবা ঠাইতো গুৰুতৰ আঘাত লাভ কৰি পথৰ ওপৰতে মৃত্যুক আঁকোৱালি লয় যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ মৃত্যুৰ পিছতে সেই স্থানৰ পৰা গাড়ীসহ পলায়ন কৰে পাষণ্ড যুৱককেইজনে।

image 4

ইফালে কোনোৱে এই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে স্কুটীৰ নম্বৰৰ জৰিয়তে তেওঁক চিনাক্ত কৰে।

ইফালে আৰক্ষীয়ে চাৰিচকীয়া বাহনখনৰ নম্বৰৰ জৰিয়তেও অভিযুক্তক চিনাক্ত কৰি পাঁচোজন যুৱকক গ্ৰেপ্তাৰ কৰে। লগতে ঘটনাৰ চিচিটিভি ফুটেজৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

শনিবাৰৰ এই লোমহৰ্ষক ঘটনাত শোক ব্যক্ত কৰি দেওবাৰে দিল্লীৰ এলজি ভি কে ছাক্সেনাই টুইটযোগে কয় যে তেওঁ অপৰাধীৰ এনে দানৱীয় কাণ্ডত স্তম্ভিত হৈ পৰিছে।

তেওঁ টুইটত কয়, ‘কাঞ্জাৱালা-চুলতানপুৰীৰ অমানৱীয় অপৰাধত মোৰ মূৰ লাজতে দো খাই পৰিছে আৰু অপৰাধীৰ দানৱীয় অসংবেদনশীলতাই মোক স্তম্ভিত কৰি তুলিছে। মই দিল্লীৰ আৰক্ষী আয়ুক্তৰ সৈতে নিৰীক্ষণ কৰি আছো আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। সকলো দিশৰ তদন্ত চলি আছে। মহিলাগৰাকীৰ পৰিয়ালৰ বাবে সকলো ধৰণৰ সহযোগিতা নিশ্চিত কৰা হ’ব।’