পুনৰ ডাম্পাৰৰ দৌৰাত্ম্য! পহিলা জানুৱাৰীৰ নিশাই ডাম্পাৰৰ খুন্দাত মৃত্যু বিজেপিৰ সক্ৰিয় কৰ্মীৰ…

নিউজ ডেস্কঃ পহিলা জানুৱাৰীৰ নিশাই কাছাৰৰ উদাৰবন্দত মৰ্মান্তিক পথ দুৰ্ঘটনা।

পুনৰ ডাম্পাৰৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে যুৱকৰ।

মাটিভৰ্তি তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু বিজেপিৰ সক্ৰিয় কৰ্মীৰ।

নিহত যুৱকজনৰ পৰিচয় চুহেল আহমেদ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, মাটি কঢ়িয়াই নিয়া তীব্ৰ বেগী ডাম্পাৰখনে বিজেপি কৰ্মীজনৰ চাৰিচকীয়া বাহনত প্ৰচণ্ড খুন্দা মাৰে।

ফলত গুৰুতৰভাৱে আহত হোৱা চুহেল আহমেদক শিলচৰ মেডিকেল কলেজলৈ নি থকা অৱস্থাতে মৃত্যু হয়।

যুৱকজনৰ মৃত্যুৰ খবৰৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

উত্তেজিত ৰাইজে জ্বলাই দিয়ে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন।

ঘটনাস্থলীত কাছাৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।