মোডী চৰকাৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তক ক্লীন শ্বীট উচ্চতম ন্যায়ালয়ৰ! খাৰিজ কৰিলে বিমুদ্ৰাকৰণৰ প্ৰত্যাহ্বান জনাই দাখিল কৰা সকলো আবেদন…

নিউজ ডেস্কঃ ২০১৬ চনৰ ৮ নৱেম্বৰ!

সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টিভিলৈ আহি ঘোষণা কৰিছিল বিমুদ্ৰাকৰণ। অৰ্থাৎ বন্ধ হ’ব ৫০০ আৰু ১০০০ টকীয়া সকলো নোট।

ইয়াৰ পিছদিনাই সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল হাহাকাৰময় পৰিৱেশৰ। বেংক, এটিএমৰ বাহিৰত শাৰী পাতিছিল লাখ লাখ লোকে।

এটকা এটকাকৈ সাচি জমা কৰা ধনখিনি সলনি কৰিবলৈ বেংকৰ সন্মুখত দিনৰ পিছত দিন ভিৰ কৰিছিল সাধাৰণ দৰিদ্ৰ জনতাইও।

প্ৰধানমন্ত্ৰীয়ে কৈছিল- চৰকাৰৰ এই কঠোৰ সিদ্ধান্তই হ্ৰাস কৰিব ক’লা ধন। নিৰ্মূল পাব সন্ত্ৰাসবাদো।

জনতাই বিশ্বাস কৰিছিল প্ৰধানমন্ত্ৰীৰ কথাত। সেয়ে নিজৰ সমস্ত বন কাটি কৰিও ‘দেশৰ বাবে ভাল হ’ব’ বুলি ভাৱিয়েই অলপো আপত্তি নকৰাকৈ বেংকৰ সন্মুখত শাৰী পাতিছিল।

কিন্তু বিমুদ্ৰাকৰণৰ ফল একো নহ’ল। আজি ৬ বছৰ অতিক্ৰম কৰাৰ পিছতো ক’লা ধনৰ হিচাপ নোলাল।

ইয়াৰ পিছতে চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল বিভিন্নজনে। আশা কৰিছিল, অনন্তঃ দেশৰ আইন ব্যৱস্থাই চৰকাৰৰ স্বৈৰাছাৰী সিদ্ধান্তৰ ওপৰত বাধা প্ৰদান কৰিব পাৰিব।

কিন্তু এতিয়া উচ্চতম ন্যায়ালয়ৰ পৰাও ক্লীন শ্বীট প্ৰদান কৰা হ’ল চৰকাৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তক।

চৰকাৰৰ এই পদক্ষেপক ন্যায্যতা প্ৰদান কৰি বিমুদ্ৰাকৰণৰ বিৰুদ্ধে দাখিল কৰা সকলো আবেদন খাৰিজ কৰিছে আদালতে।

সৰ্বোচ্ছ ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে এই সিদ্ধান্ত কার্যবাহী দলৰ অৰ্থনৈতিক নীতি হোৱাৰ বাবে উলটিব নোৱাৰি বুলি মন্তব্য কৰিছে৷

উচ্চতম ন্যায়ালয়ে কয় যে বিমুদ্ৰাকৰণৰ পূৰ্বে কেন্দ্ৰ আৰু আৰ বি আইৰ মাজত আলোচনা হৈছিল। এনে ব্যৱস্থা আনিবলৈ দুয়োৰে মাজত সমন্বয় ঘটিছিল।

আদালতে কয় যে বিমুদ্ৰাকৰণ প্ৰক্ৰিয়াত কোনো ধৰণৰ অশান্তি হোৱা নাছিল। বিমুদ্ৰাকৰণ আনিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কোনো স্বতন্ত্ৰ ক্ষমতা নাই আৰু কেন্দ্ৰ আৰু আৰ বি আইৰ মাজত আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৭ ডিচেম্বৰত শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকক ২০১৬ চনৰ ৰায়ৰ সৈতে জড়িত সকলো ৰেকৰ্ড তেওঁলোকৰ হাতত গতাই দিবলৈ নিৰ্দেশ দিছিল।

ইয়াৰ পিছত সিদ্ধান্ত সংৰক্ষিত কৰা হয়।

এই বিচাৰপীঠত ন্যায়াধীশ বি আৰ গাৱৈ, এ এছ বোপন্না, ভি ৰামাসুব্ৰমণিয়ান আৰু বি ভি নাগৰত্নও আছিল।

জ্যেষ্ঠ অধিবক্তা পি চিদাম্বৰম আৰু শ্যাম দিভানকে ধৰি আৰ বি আইৰ অধিবক্তা আৰু আবেদনকাৰীৰ অধিবক্তা এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণিৰ যুক্তি শুনিছিল ন্যায়ালয়ে।

২০১৬ চনৰ ৮ নৱেম্বৰত কেন্দ্ৰই ঘোষণা কৰা বিমুদ্ৰাকৰণক প্ৰত্যাহ্বান জনাই ৫৮খন আবেদনৰ গোটৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে।

এই আৱেদনসমূহৰ শুনানিৰ সময়ত জ্যেষ্ঠ অধিবক্তা চিদাম্বৰমে ৫০০ আৰু ১০০০ টকীয়া মুদ্ৰাৰ নোটৰ বিমুদ্ৰাকৰণত গুৰুতৰ ত্ৰুটি আছে বুলি যুক্তি আগবঢ়ায়।