নিৰ্বাচনৰ পূৰ্বে মণিপুৰত হিংসাত্মক ঘটনা, অচিনাক্ত দুৰ্বৃত্তৰ গুলীত আহত ডেজি(য়ু) প্ৰাৰ্থী…

নিৰ্বাচনৰ পূৰ্বে মণিপুৰত হিংসাত্মক ঘটনা।

অচিনাক্ত দুৰ্বৃত্তৰ গুলীত আহত ডেজি(য়ু) প্ৰাৰ্থী।

মণিপুৰৰ পূব ইম্ফল জিলাত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।

অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনাত আহত হয় জনতা দল য়ুনাইটেডৰ প্ৰাৰ্থী ৱাংলেমবাম ৰোজিত সিং।

জানিব পৰা মতে, ৱাংলেমবাম ৰোজিত সিঙে খেতৰিগাঁও সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

দুচকীয়া বাহনত অহা অচিনাক্ত দুৰ্বৃত্তই জেডিয়ু প্ৰাৰ্থী গৰাকীক উদ্দেশ্যি কৰা গুলীবৰ্ষণত জেডিয়ু প্ৰাৰ্থী গৰাকীৰ বুকুত আঘাত পায়।

শনিবাৰে নিশা নাহাৰূপ মখাপাতত দলীয় কৰ্মকৰ্তাৰ সৈতে মিলিত হৈ উভতি আহি থকাৰ সময়তে এই গুলীচালনাৰ ঘটনা সংঘটিত হয়।

গুলীবিদ্ধ প্ৰাৰ্থী গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়তদ ভৰ্তি কৰোৱা হয়।

বৰ্তমান তেওঁ সংকটমুক্ত বুলি জানিব দিছে চিকিৎসকে।

উল্লেখ্য যে, ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব মণিপুৰ বিধানসভা নিৰ্বাচন।

Leave a Comment