মণিপুৰ

নিৰ্বাচনৰ পূৰ্বে মণিপুৰত ৰাজনৈতিক হিংসা, NPP দলৰ প্ৰাৰ্থীৰ বাসগৃহৰ সন্মুখত বোমা বিস্ফোৰণ…

বিধানসভা নিৰ্বাচনৰ পূৰ্বে মণিপুৰত ৰাজনৈতিক হিংসা।

NPP দলৰ প্ৰাৰ্থীৰ বাসগৃহৰ সন্মুখত বোমা বিস্ফোৰণ।

দলটোৰ খুৰাই সমষ্টিৰ প্ৰাৰ্থী জয়ানন্দৰ বাসগৃহৰ সন্মুখত সংঘটিত হৈছে এই বিস্ফোৰণ।

ৰাজধানী ইম্ফলত সংঘটিত হৈছে এই ঘটনা।

অৱশ্যে এই বিস্ফোৰণৰ ফলত হতাহত হোৱা নাই কোনো লোক।

বোমা বিস্ফোৰণৰ ঘটনাক লৈ ৰাজ্যজুৰি উত্তেজনা।

এই পৰ্যন্ত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই কোনো সংগঠনে।

উল্লেখ্য যে, মণিপুৰত ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত দুটা পৰ্যায়ত হ’ব বিধানসভা নিৰ্বাচন।

ৰাজ্যখনত মুঠ ৬০টা বিধানসভা সমষ্টিত হ’ব নিৰ্বাচন।

মণিপুৰ বিধানসভাৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ৩৮ টা বিধানসভা সমষ্টিৰ বাবে ইতিমধ্যে ১৭৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে।

মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ আছিল ১১ ফেব্ৰুৱাৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *