অসম

আৰক্ষীৰ জালত আতংক সৃষ্টিকাৰী ডকাইত দল বদং বাহিনী…

আৰক্ষীৰ জালত আতংক সৃষ্টিকাৰী ডকাইত দল বদং বাহিনী।

মোষ্ট ৱাণ্টেড ডকাইতৰ দল বদং বাহিনীৰ ৫ সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ডকাইতৰ দলটোক।

বাবা লাহণ, আৰিফ খানৰ নেতৃত্বত গঠিত কূখ্যাত ডকাইতৰ দলৰ সহযোগী আছিল এইকেইটা ডকাইত।

শিৱসাগৰ আৰক্ষীয়ে নিশা বামুনবাৰী বাগানত আত্মগোপন কৰি থকা অৱস্থাত এই পাঁচ ডকাইতক গ্ৰেপ্তাৰ কৰে।

যোৱা ২৮ ফেব্ৰুৱাৰীৰ নিশা শিৱসাগৰৰ পোনজান পথত সংঘটিত ডকাইতি কাণ্ডত জড়িত আছিল এই ডকাইতৰ দলটো।

অটকাধীন ডকাইত কেইটা হৈছে- ইকৰাম আলি ওৰফে বদং, চামচুল আলি, জালালউদ্দিন আহমেদ, আখতাৰ হুছেইন আৰু নেবুল হুছেইন ওৰফে ফেটী।

আটাইকেইজন ডকাইতকে সদৰ থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *