নিষিদ্ধ ঘােষিত NLFT উগ্ৰপন্থী সংগঠনৰ ৩ সদস্যৰ আত্মসমৰ্পণ

নিউজ ডেস্ক। নিষিদ্ধ ঘােষিত উগ্ৰপন্থী সংগঠন নেচনেল লিবাৰেচন ফ্ৰন্ট অৱ ত্ৰিপুৰা (এনএলএফটি) ৰ তিনি সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ।

উত্তৰ ত্ৰিপুৰা জিলাৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে তিনিওজনে।

বৃহস্পতিবাৰে এজন আৰক্ষী বিষয়াই কয় যে, প্ৰাথমিক জেৰাৰ সময়ত তেওঁলোকে কয় যে খাদ্য আৰু ধনৰ তীব্ৰ অভাৱৰ ফলত তেওঁলোকে চুবুৰীয়া বাংলাদেশত থকা তেওঁলোকৰ বেছ কেম্পৰ পৰা পলায়ন কৰি আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।

G01

উগ্ৰপন্থী কেইজন উত্তৰ ত্ৰিপুৰা জিলাৰ আনন্দ বজাৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ বাসিন্দা। তেওঁলোকক আলিন্দ্ৰ ৰিয়াং (২৫), আনিদা ৰিয়াং (৩৫) আৰু ড্ৰকুমাৰ ৰিয়াং (৩০) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষী বিষয়াজনে লগতে কয় যে, “তেওঁলোকে ২০১৯ চনত উগ্ৰপন্থী সংগঠনটোত যোগদান কৰিছিল আৰু বাংলাদেশৰ সংগঠনৰ শিবিৰত প্ৰশিক্ষণ লৈছিল। তেওঁলোক ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলত ধন দাবীৰ কাৰ্যকলাপত জড়িত আছিল। তেওঁলোকে জংঘলৰ জীৱনৰ কষ্টৰ সন্মুখীন হৈছিল। আৰু বাংলাদেশ আৰু ম্যানমাৰত বিলাসী জীৱন উপভোগ কৰা তেওঁলোকৰ তথাকথিত নেতাসকলৰ দুৰ্ব্যৱহাৰত তেওঁলোক হতাশ হৈছিল।”

Leave a Comment