ৰাজহুৱা স্থানত নিজৰ গালত নিজে চৰ মাৰি ক্ষমা বিচাৰিলে ৰূপজ্যোতি কুৰ্মীয়ে।
কংগ্ৰেছ দলত থকাৰ দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা কটু মন্তব্যৰ বাবে নিজৰ গালত নিজে চৰ মাৰি ক্ষমা বিচাৰিলে ৰূপজ্যোতি কুৰ্মীয়ে।
প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনটোতে এনেদৰে নিজৰ পূৰ্বৰ ভুল অনুধাৱন কৰি এনেদৰ্ ক্ষমা বিচাৰিলে ন বিজেপি নেতা ৰূপজ্যোতি কুৰ্মীয়ে।
আনকি নৰেন্দ্ৰ মোডীক কৰা সমালোচনাৰ বাবে ক্ষমা বিচাৰি ঢেকীয়া খোৱা নামঘৰত শৰাই আগবঢ়াই কুৰ্মীয়ে।
কংগ্ৰেছত থাকোতে হেনো তেওঁক বিজেপিক সমালোচনা কৰিবলৈ শিকাই দিয়া হৈছিল বুলিও মন্তব্য কৰে কুৰ্মীয়ে।
হাইকামাণ্ডৰ নিৰ্দেশ মানি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে পূৰ্বতে কটু মন্তব্য কৰিছিল বুলি মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ৷
লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ উপলক্ষ্যে ৰূপজ্যোতি কুৰ্মীয়ে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ ভকত বৈষ্ণৱৰ বাবে প্ৰায় ১৫০ খন দলিচা যোগান ধৰে।









