অসমঅসমীয়া

নিজ ধৰ্ম সলনি কৰি হিন্দু যুৱকৰ সৈতে বিবাহত বহিল মুছলমান যুৱতী

নিউজ ডেস্ক। প্ৰেমে কোনো ধৰ্ম নিচিনে। প্ৰেম এনে এক অনুভূতি, যিয়ে একলগ কৰে দুখন হৃদয়ক।

এই প্ৰেমৰ শক্তিয়েই নিজৰ ধৰ্ম সলনি কৰি স্বামীৰ ধৰ্ম গ্ৰহণৰ প্ৰতি আগ্ৰহী কৰিলে এগৰাকী মুছলমান যুৱতীক।

মুছলমান হৈও ধৰ্ম সলনি কৰি সনাতনী ৰীতি নীতিৰে বিবাহ পাশত আৱদ্ধ হ’ল যুৱতী গৰাকী।

1

এই দুৰ্লভ দৃশ্য নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ পানীগাঁও অঞ্চলৰ।

অঞ্চলটোত অগণন লোকৰ উপস্থিতিত বৈদিক ৰীতি-নীতিৰে সম্পন্ন হয় বিবাহখন।

উল্লেখ্য যে, এজন হিন্দু যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা যুৱতীগৰাকীৰ পূৰ্বৰ নাম আছিল ইনা বেগম। কিন্তু তেওঁ নিজৰ ধৰ্ম সলনি কৰি পৰৱৰ্তী সময়ত নিজৰ নাম ৰাখে দীক্ষা হালৈ।

2

প্ৰথমে আইনী প্ৰক্ৰিয়াৰে নিজৰ নাম সলনি কৰে ইনা বেগমে।

তাৰ পিছত বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সমিতিৰ সহযোগত সম্পূৰ্ণ সনাতন ৰীতি নীতিৰে দীক্ষা হালৈ হৈ তেওঁ আৱদ্ধ হয় বিবাহ পাশত।

বিবাহৰ শুভ ক্ষণত উপস্থিত থাকি বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলাৰ বিষয়ববীয়া, বজৰং দলৰ জিলাৰ বিষয়ববীয়া, নগৰৰ প্ৰচাৰ প্রমুখ আদিয়ে দৰা কইনাক আশীর্বাদ দিয়ে।

লগতে চাওকঃ

বহিঃৰাজ্যত মৃত্যুক সাৱটি লোৱা প্ৰেমিকৰ দুখত জীৱনৰ চৰম সিদ্ধান্ত ল’লে প্ৰেমিকাই…

image 2022 04 01 164025

Leave a Reply

Your email address will not be published. Required fields are marked *