অসমঅসমীয়া

চোতালত খেলি থকা অৱস্থাতে সন্ধানহীন দুবছৰীয়া কন্যা শিশু

নিউজ ডেস্ক। এক চাঞ্চল্যকৰ ঘটনা।

ঘৰৰ চােতালত খেলি থকা অৱস্থাৰ পৰাই ৰহস্যজনকভাৱে সন্ধানহীন হ’ল এটি দুবছৰীয়া কন্যা শিশু।

এই ঘটনা সংঘটিত হ’ল নগাঁও জিলাৰ কামপুৰ থানাৰ অন্তৰ্গত মাজ ঘিলানী।

G03

জানিব পৰা মতে, সন্ধানহীন দুবছৰীয়া শিশুটিৰ নাম হৈছে নেইনা বেগম।

পৰিয়ালৰ লােকে প্ৰকাশ কৰা অনুসৰি, মাতৃ মফিদা খাতুনে শিশুটিক গা ধুৱাই নিজে গা ধুবলৈ পিচফাললৈ যায়। কিন্তু গা ধুই আহি তেওঁ শিশুটিক চোতালত দেখা নাপাই হুৱা-দুৱা লগায়।

ঘটনাৰ পিচৰে পৰা পৰিয়ালৰ লোকে শিশুটিক বিচাৰি চলাথ কৰিছে যদিও কোনো সন্ধান পোৱা নাই।

পিতৃ নুৰ মহম্মদ আৰু মাতৃ মফিদা বেগমৰ দ্বিতীয় সন্তান নেইনা বেগম।

ইতিমধ্যে শিশুটি সন্ধানহীন হোৱা সন্দৰ্ভত কামপুৰ থানাত পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰিছে।

লগতে চাওকঃ

নিজ ধৰ্ম সলনি কৰি হিন্দু যুৱকৰ সৈতে বিবাহত বহিল মুছলমান যুৱতী

G02

Leave a Reply

Your email address will not be published. Required fields are marked *