অসম

বহিঃৰাজ্যত মৃত্যুক সাৱটি লোৱা প্ৰেমিকৰ দুখত জীৱনৰ চৰম সিদ্ধান্ত ল’লে প্ৰেমিকাই…

নিউজ ডেস্ক। তুমি জীয়ালে, ময়ো জীয়াম। তুমি মৰিলে, ময়ো! এনেকৈয়ে আৰম্ভ হৈ প্ৰেম-ভালপোৱাৰ।

হাতে হাত ধৰি চিৰদিন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে প্ৰেমে গতি লয় ভৱিষ্যতলৈ। আৰু এই সঁচা অন্তৰৰ ভালপোৱাত যেতিয়া নামি আহে দুখৰ ঘোৰ অমানিশা, তেতিয়া ব্যথিত হৈ পৰে কলিজা।

মন যায়, কোনো এক চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ!

তেনে এক সিদ্ধান্তই লৈ পেলালে কামপুৰৰ এগৰাকী কিশোৰীয়ে।

image

প্ৰেমিকৰ অকাল মৃত্যু সহিব নোৱাৰি আত্মহননৰ দৰে পথ বাচি ল’লে কামপুৰ তেতেলিসৰাৰ কেঁকুৰীবাৰী গাঁৱৰ ১৭ বছৰীয়া ৰিম্পী দাসে।

জানিব পৰা মতে, যোৱা ২৮ মাৰ্চত হায়দৰাবাদত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিছিল কামপুৰৰ বিষ্ণুপুৰীৰ ভাস্কৰজ্যোতি নাথ নামৰ যুৱকজনৰ।

হায়দৰাবাদৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ থকা যুৱকজনে বহিঃৰাজ্যত এনেদৰে মৃত্যুক সাৱটি লোৱাত শোকত ভাগি পৰিছিল প্ৰেমিকা ৰিম্পী দাস।

প্ৰেমিকৰ মৃত্যুত ভাগি পৰা ৰিম্পীয়ে অৱশেষত লয় জীৱনৰ চৰম সিদ্ধান্ত। শুকুৰবাৰে পুৱা প্ৰায় ১০ বজাত নিজৰ গৃহতে চিপ লৈ নেদেখা পৃথিৱীৰ প্ৰেমিকৰ কাষলৈ গুচি যায় ৰিম্পীয়ে।

image 1

জানিব পৰা মতে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৰিম্পী। ভাস্কৰজ্যোতি নাথৰ সৈতে তেওঁৰ আছিল দীঘলীয়া প্ৰেমৰ সম্পৰ্ক।

প্ৰেমিক ভাস্কৰ কৰ্মৰ খাতিৰত দূৰৈত থাকিবলগা হ’লেও ফোনতেই তেওঁলোকে কথা পাতিছিল ইজনে আনজনৰ লগত।

ৰিম্পীৰ মৃত্যুত এতিয়া পৰিয়ালটো শোকস্তব্ধ হৈ পৰিছে। সঁচা ভালপোৱাক বুকুত সাৱটি এনেদৰে আত্মহননৰ পথ বাচি লোৱা ৰিম্পীৰ বাতৰিত শোকবিহ্বল হৈ পৰিছে অঞ্চলবাসীও।

লগতে চাওকঃ

প্ৰেমৰ বাবেই নিজ ধৰ্ম সলনি কৰি হিন্দু যুৱকৰ সৈতে বিবাহত বহিল মুছলমান যুৱতী

G02

Leave a Reply

Your email address will not be published. Required fields are marked *