চাৰ্ভাৰ ডাউন! ২২ লক্ষাধিকৰ ভিতৰত অনলাইন নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে মাত্ৰ ৩ লাখ নিবনুৱাই…

নিউজ ডেস্ক। ভেকোভাওনাত পৰিণত হৈছে নেকি চৰকাৰৰ নিয়োগ বিনিময় পৰ্টেলৰ নাম পঞ্জীয়ন।

চৰকাৰী চাকৰি পাবলৈ হ’লে নিয়োগ বিনিময় পৰ্টেলত নিবনুৱাই নাম পঞ্জীয়ন কৰিব লাগিব বুলি চৰকাৰে নতুন নীতি ঘোষণা কৰাৰ পিছতে এতিয়া চাকৰি প্ৰত্যাশী নিবনুৱাই নিজৰ নাম পঞ্জীয়ন কৰিবলৈ হেতাওপৰা লগাইছে।

এনে পৰিস্থিতিত নিয়োগ পৰ্টেলৰ চাৰ্ভাৰ ডাউনে লাখ লাখ নিবনুৱাৰ আশাত যেন চেঁচাপানী ঢালিবলৈ উদ্যত হৈছে।

image 2022 04 01 140852
চাৰ্ভাৰ ডাউন! ২২ লক্ষাধিকৰ ভিতৰত অনলাইন নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে মাত্ৰ ৩ লাখ নিবনুৱাই... 3

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্য চৰকাৰে ২৬ হাজাৰ চৰকাৰী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। আনহাতে ৰাজ্যত বৰ্তমান নিবনুৱাৰ সংখ্যা হৈছে ২২ লাখৰো অধিক।

ইফালে অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ নং এছ কে ই ৪২/২০২১/৩২ নম্বৰৰ এক নির্দেশনা অনুসৰি ৩১ মার্চ, ২০২২ৰ পিছত গ্ৰাহ্য কৰা নহ’ব মেনুৱেল পঞ্জীয়ন নম্বৰ।

তদুপৰি আধাৰ কাৰ্ড অবিহনে অনলাইন প’ৰ্টেলত নাম পঞ্জীয়ন কৰাসকলৰ বাবেও সংশ্লিষ্ট জিলা নিয়োগ বিনিময় কেন্দ্ৰত শাৰীৰিকভাৱে নথি-পত্ৰ পৰীক্ষাৰ অন্তিম দিন আছিল ৩১ মাৰ্চ

এনে পৰিপ্ৰেক্ষিতত চৰকাৰী চাকৰি প্ৰত্যাশী লাখ লাখ নিবনুৱাই অনলাইন পৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ গৈ চাৰ্ভাৰ ডাউনৰ দৰে পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হৈছে। বাতৰি অনুসৰি, ৱেবছাইটৰ বিসংগতিৰ পৰিণতিত ৩১ মাৰ্চলৈকে নিয়োগ বিনিময় প’ৰ্টেলত মাত্র ৩,১৭,৩৪৬ জন নিবনুৱাইহে নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে।

সেইদৰে নিজৰ নাম পুনৰ পঞ্জীয়ন কৰিছে ৬৭,২৬২ জন নিবনুৱাই। নিয়োগ বিনিময়ত নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হোৱা মুঠ নিবনুৱাৰ সংখ্যা হৈছে ৩,৮৪,৬০৮ জন।

কিন্তু ৰাজ্যৰ ২২ লাখ নিবনুৱাৰ বিপৰীতে অনলাইন নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হোৱা নিবনুৱাৰ সংখ্যা তেনেই নগন্য। এনে পৰিপ্ৰেক্ষিতত চৰকাৰে বিজ্ঞাপন প্ৰকাশ কৰা ২৬ হাজাৰ চাকৰিত আবেদন কৰিবলৈ লাখ লাখ নিবনুৱা ব্যৰ্থ হোৱাৰ আশংকা বৃদ্ধি পাইছে।

উল্লেখ্য যে, শেহতীয়াভাৱে অসম চৰকাৰে প্ৰকাশ কৰা ২৬ সহস্রাধিক তৃতীয় আৰু চতুর্থ শ্রেণীৰ পদৰ বিজ্ঞাপনতো স্পষ্টভাৱে উল্লেখ আছে যে আবেদনকাৰীৰ নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়ন নম্বৰ থকাটো বাধ্যতামূলক। তদুপৰি উক্ত তৃতীয় আৰু চতুর্থ শ্রেণীৰ ২৬ সহস্রাধিক পদৰ বিজ্ঞাপনৰ ভিত্তিত অহা ১১ এপ্ৰিলৰ পৰা ৩০ মে লৈকে অনলাইনযোগে আবেদন দাখিলৰ দিন ধার্য কৰা হৈছে।

ইয়াৰ অৰ্থ হৈছে আবেদন দাখিল কৰিবলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী। এনে পৰিস্থিতিত চাকৰিৰ বাবে আবেদন কৰিব বিচৰা নিবনুৱা সকলে নিজৰ নাম অনলাইন পৰ্টেলত পঞ্জীয়ন কৰিবলৈ গৈ বাধাৰ সন্মুখীন হোৱাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আনহাতে নিবনুৱা সকলে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ গৈ কেফে, কম্পিউটাৰ চেণ্টাৰত ধন আৰু সময়ো নষ্ট কৰিবলগা হৈছে।

যাৰ বাবে ৱেবছাইট, প’ৰ্টেলৰ বিসংগতি আঁতৰাই সৰল প্ৰক্ৰিয়াৰে নিয়োগ বিনিময় প’ৰ্টেলত নাম পঞ্জীয়নৰ ব্যৱস্থা কৰিবলৈ নিবনুৱা সকলে আহ্বান জনাইছে।

লগতে চাওকঃ

নিজ ধৰ্ম সলনি কৰি হিন্দু যুৱকৰ সৈতে বিবাহত বহিল মুছলমান যুৱতী

G02
চাৰ্ভাৰ ডাউন! ২২ লক্ষাধিকৰ ভিতৰত অনলাইন নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে মাত্ৰ ৩ লাখ নিবনুৱাই... 4

Leave a Comment