অৰুণাচল প্ৰদেশঅসমীয়া

নিজৰ বাসগৃহত বিহু নাচিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে…

নিউজ ডেস্ক। অসমৰ বাপতিসাহোন বিহুৰ বতৰতে এপাক নাচিলে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে।

ৰাজধানী ইটানগৰৰ বাসগৃহত অসমীয়া বিহুৱা দলৰ সৈতে ঢোলত চাপৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

টুইটাৰত বিহু নৃত্যৰ ভিডিঅ’ এটা শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে লিখিছে- ”বিহু নৃত্যৰ প্ৰয়াস। মোৰ ইটানগৰৰ বাসগৃহত অসমীয়া সমাজৰ বিহু উৎসৱত যোগ দিলো।’

মুখ্যমন্ত্ৰীগৰাকীয়ে এই সাংস্কৃতিক উদযাপনেৰে অসম আৰু অৰুণাচলৰ মাজত থকা পুৰণি সাংস্কৃতিক বান্ধোন পুনৰ উজ্জীৱিত হোৱাৰ কামনা কৰে।

তেওঁ এই ভিডিঅ’ত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকাে টেগ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *