ৰাষ্ট্ৰীয়অসমীয়া

নিজৰ জীৱনক তুচ্ছ কৰি কৰ্তব্যপালন এগৰাকী লোকো পাইলটৰ, ৰে’ল মন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে ভিডিঅ’

নিউজ ডেস্কঃ হঠাৎ এখন দলঙৰ ওপৰত ৰৈ গৈছিল যাত্ৰীবাহী ৰে’লখন। সেই সময়ত ৰে’লখনৰ এগৰাকী লোকো পাইলটে দেখুওৱা কৰ্তব্যনিষ্ঠাই এতিয়া প্ৰশংসা বুটলিছে সৰ্বত্ৰে।

স্বয়ং ৰে’ল মন্ত্ৰীয়ে এই ঘটনাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে মহাৰাষ্ট্ৰৰ তিতৱালাৰ (মহৰ্ষণ) পৰা খাৰবালি ষ্টেচনলৈ গৈ থকা সময়ত এখন দলঙৰ ওপৰত ৰৈ যায় গোদন এক্সপ্ৰেছ ৰে’লখন।

G5 4

তাৰ পিছতে ৰে’লখনৰ লোকো পাইলট সতীশ কুমাৰে ৰে’লৰ পৰা নামি ক’ত বিসংগতি ঘটিছে তাৰ পৰীক্ষা কৰে।

তেওঁ ৰে’লৰ চকাৰ সৰু ফাঁক এটাৰে অতি সন্তৰ্পণে ৰে’লৰ তলত প্ৰৱেশ কৰে আৰু ৰে’লখনত ঘটা বিসংগতি পৰীক্ষা কৰে।

দলঙৰ ওপৰত অতি বিপদসংকুল পৰিস্থিতিত লোকো পাইটলগৰাকীয়ে দেখুওৱা কৰ্তব্য নিষ্ঠাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱেও।

জানিব পৰা মতে, দলঙৰ ওপৰত ৰে’লখনৰ কোনো যাত্ৰীয়ে অপ্ৰয়োজনীয়ভাৱে চেইন টনাৰ ফলত ৰে’লখন ৰৈ গৈছিল।

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে লোকো পাইলট সতীশ কুমাৰৰ ভিডিঅ’টো শ্বেয়াৰ কৰি যাত্ৰীসকলক তেনে নকৰিবলৈও আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *