অসমঅসমীয়া

চােৰাংচােৱাক আলফা স্বাধীনে কঠোৰতম শাস্তি বিহাটো স্বাভাৱিকঃ অনুপ চেতিয়া

নিউজ ডেস্ক। আলফা স্বাধীনে চোৰাংচোৱাৰ অপৰাধত দুজন যুৱকক মৃত্যুদণ্ড বিহাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই।

এই ঘটনা দুৰ্ভাগ্যজনক আখ্যা দি অনুপ চেতিয়াই কয় যে যদি অসম আৰক্ষীয়ে আলফালৈ চোৰাংচোৱা পঠিয়াইছিল তেন্তে এয়া এক অনাকাংক্ষিত ঘটনা।

G6 4

এনে ঘটনা ভৱিষ্যতে এৰাই চলা উচিত বুলিও মন্তব্য কৰে অনুপ চেতিয়াই।

707

সঁচাই যদি দুই যুৱকে চোৰাংচোৱাগিৰি কৰিবলৈ আলফাত প্ৰৱেশ কৰিছিল, তেন্তে আলফাই এটা সশস্ত্ৰ সংগঠন হিচাপে দুয়োকে মৃত্যুদণ্ড বিহাটো স্বাভাৱিক বুলি কয় অনুপ চেতিয়াই।

তেওঁ লগতে কয় যে পূৰ্বেও তেওঁ আলফাত থকা সময়ত এনেদৰে কঠোৰতম শাস্তি বিহা হৈছিল।

ভৱিষ্যতে যাতে এনে ঘটনা পুনৰাই সংঘটিত নহয়, তাৰ প্ৰতি সাৱধান হ’বলৈ যুৱক-যুৱতীসকলৰ লগতে সকলো পক্ষক আহ্বান জনায় অনুপ চেতিয়াই।

লগতে চাওকঃ

অসুস্থ পুত্ৰক সুস্থ কৰাৰ সপোন দেখি আলফালৈ গৈছিল ধনজিৎ, কিন্তু…

G8 1

Leave a Reply

Your email address will not be published. Required fields are marked *