অসম

অমিত শ্বাহৰ ভ্ৰমণক লৈ যাতায়ত ব্যৱস্থাৰ সাল-সলনি, বাণিজ্যিক বাহনৰ বাবে বন্ধ থাকিব ২৭, ১৭নং ঘাইপথ

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ।

৯ আৰু ১০ মে’ত হ’ব লগা অমিত শ্বাহ কৰ্মসূচীৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ ৰাজপথত যান-বাহনৰ চলাচলৰ পথ সলনি কৰা হৈছে।

৯ মে’ৰ পুৱা ৪ বজাৰ পৰা নিশা ৯ বজালৈ আৰু ১০ মে’ৰ পুৱা ৪ বজাৰ পৰা নিশা ১০ বজালৈ গুৱাহাটী মহানগৰীৰ অন্তৰ্গত ২৭নং আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি চকীয়া বা ততোধিক চকাযুক্ত বাণিজ্যিক বাহনসমূহ চলাচল কৰাত বাধা আৰোপ কৰা হৈছে।

গুৱাহাটী মহানগৰীৰো বহু কেইটা পথত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা।

৯ মে’ত আবেলি ৪ বজাৰ পৰা নিশা ৯ বজালৈ ডি জি ৰোড, এ টি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড, এম জি ৰোড, কে এল বি ৰোড, তৈবুল্লাহ ৰোড, জি এন ৰোডত সকলো ধৰণৰ বাণিজ্যিক বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে।

image 12

১০ মে’ত পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ বি বৰুৱা ৰোড, বি কে কাকতি ৰোড আৰু জি এন বি ৰোডত সকলো ধৰণৰ লঘু, মধ্যম বা ডাঙৰ বাণিজ্যিক যান–বাহনসমূহ চলাচল কৰিব নোৱাৰিব।

১০ মে’ দিনা পুৱা ৭ বজাৰ পৰা ৯ বজালৈ জি এচ ৰোডৰ আৰু পাঞ্জাৱাৰী ৰোডত সকলো বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *