নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপত ল’লে অধ্যাপক জগদীশ মুখীয়ে…

নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপত ল’লে অধ্যাপক জগদীশ মুখীয়ে।

নাগালেণ্ড ৰাজ ভৱনৰ ড০ ইমকংলিবা আও হলত শপত লয় মুখীয়ে।

শপত্ গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’।

জগদীশ মুখীয়ে অসমৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।

আৰ এন ৰবিক বদলি কৰাৰ পিছত জগদীশ মুখীয়ে নাগালেণ্ডৰ(অতিৰিক্ত) ৰাজ্যপাল হিচাপে শপত লয়।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই কয়- ‘নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপত লোৱাৰ বাবে অধ্যাপক জগদীশ মুখীক অভিনন্দন জনাইছো। ৰাজ্যখনৰ জনসাধাৰণৰ হৈ মই আপোনাক উষ্ম আদৰণি জনাইছো।’

Leave a Comment