উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুৰুত্বপূ্ৰ্ণ খবৰ।
অহা ১ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ বিশেষ চূড়ান্ত পৰীক্ষা।
উচ্চতৰ মাধ্যমিকৰ বিশেষ চূড়ান্ত পৰীক্ষাৰ সূচী ঘোষণা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।
শুক্ৰবাৰে সংসদৰ তৰফৰ পৰা প্ৰকাশ কৰা পৰীক্ষাসূচী অনুসৰি ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশেষ পৰীক্ষা।
১ অক্টোবৰৰ পৰা ১১ নৱেম্বৰলৈ হ’ব বিশেষ চূড়ান্ত পৰীক্ষা।

উল্লেখ্য যে, ক’ভিড পৰিস্থিতিৰ বাবে ৰাজ্যত এইবাৰ অনুষ্ঠিত হোৱা নাছিল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা।
যাৰ ফলত মূল্যাংকন পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীৰ ফলাফল বিচাৰ কৰা হৈছিল।
শিক্ষা বিভাগৰ এই ব্যৱস্থাৰ বাবে অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল ৰাজ্যৰ শিক্ষা বিভাগে।
সেই অনুসৰি ১ অক্টোবৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব মেট্ৰিকৰ লগতে উচ্চতৰ মাধ্যমিকৰ বিশেষ চূড়ান্ত পৰীক্ষা।









