ৰাষ্ট্ৰীয়নাগালেণ্ড

১০ ডিচেম্বৰত ঠিক হৈছিল বিয়া! কিন্তু তাৰ পূৰ্বে জন্মদিনৰ দিনাই নিথৰ দেহ হৈ ঘৰলৈ উভতিল অসম ৰাইফলছৰ জোৱান ভি তেজা, অংগদান কৰিলে পৰিয়ালে

ৰায়গড়াঃ জন্মদিনৰ দিনাই নিথৰ দেহ হৈ ঘৰলৈ উভতিল দেশ মাতৃৰ এগৰাকী বীৰ পুত্ৰ! শেহতীয়াকৈ নাগালেণ্ডত কৰ্তব্যৰত অৱস্থাত গুলীবিদ্ধ হৈ মৃত্যুক সাৱটে ১৫ অসম ৰাইফলছৰ ৰাইফলমেন ভি তেজাই। উল্লেখ্য যে, অহা ডিচেম্বৰ মাহৰ ১০ তাৰিখে বিয়াৰ দিন ধাৰ্য হৈ আছিল বীৰ জোৱানজনৰ। কিন্তু তাৰ পূৰ্বেই কৰ্তব্যত শ্বহীদ হয় ভি তেজা। কিন্তু মৃত্যুৰ পিছতো আনক নতুন জীৱন দি অমৰ হৈ ৰ’ল এই বীৰ সন্তান।

Amazon Great Indian Festival — deals revealed, top deals under ₹499

জানিব পৰা মতে, ওড়িশাৰ ৰায়গড়া জিলাৰ বাসিন্দা ভি তেজাই ২০২২ চনত সামৰিক বাহিনীত যোগদান কৰিছিল আৰু শেহতীয়াকৈ নাগালেণ্ডত কৰ্তব্যৰত আছিল। সোমবাৰে এক অভিযানকালত তেওঁ গুলীবিদ্ধ হয়। লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ৭ অক্টোবৰ আছিল ভি তেজাৰ ৩১ বছৰীয়া জন্মদিন। কিন্তু সেই দিনটোতে ত্ৰিৰংগাৰে মেৰিয়াই নিথৰ দেহ হৈ স্বগৃহলৈ ওভতে জোৱানজন।

জানিব পৰা মতে, সমাগত দীপাৱলীত ৫০ দিনৰ ছুটী লৈ ঘৰলৈ আহি ১০ ডিচেম্বৰত বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল তেজা।

ইফালে, মৃত্যুৰ পিছতো তেজাই দাঙি ধৰে মহান মানৱীয়তাৰ অনন্য নিদৰ্শন। প্ৰায় দুবছৰ পূৰ্বেই স্বাক্ষৰ কৰা অংগদানৰ সংকল্প পত্ৰৰ ভিত্তিত নাগালেণ্ডৰ এখন স্থানীয় চিকিৎসালয়ত তেওঁৰ অংগসমূহ সুৰক্ষিতভাৱে সংগ্ৰহ কৰা হয়।

বুধবাৰে জোৱানজনৰ নশ্বৰ দেহ বায়ুসেনাৰ হেলিকপ্টাৰেৰে বিশাখাপট্টনম হৈ এম্বুলেন্সেৰে গৃহচহৰ ৰায়গড়াত উপস্থিত হোৱাৰ লগে লগে হাজাৰ হাজাৰ লোকে এক বৃহৎ মটৰচাইকেল ৰেলী উলিয়াই বীৰ জোৱানক অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনায়।

বৃহস্পতিবাৰে পুৱা জিলা প্ৰশাসনে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰিব। বীৰ জোৱানজনৰ মৃত্যুত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী নবীন পাটনায়কে গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ অপৰিসীম ত্যাগ আৰু দেশপ্ৰেমক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *