পুনৰ এনকাউন্টাৰ! পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী…

পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ।

পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী।

মহানগৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া জামাল আলী।

বৃহস্পতিবাৰে সন্ধিয়া ভাগত মহানগৰ আৰক্ষীয়ে ৮ মাইলৰ পৰা আটক কৰিছিল ড্ৰাগছ সৰবৰাহকাৰী জামাল অলীক।

জামালক লগত লৈ ১৩ মাইলত মহানগৰ আৰক্ষীয়ে ড্ৰাগছ মাফিয়া গেঙৰ সন্ধান উলিয়াব যাওতেই গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰিছিল জামালে।

সেই সময়তে পলায়নৰ চেষ্টা চলাইছিল ধৃত জামালে।

ফলত আৰক্ষীয়ে গুলীচালনা কৰাত গুলীবিদ্ধ হয় জামাল।

বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে জামাল।

আৰক্ষীয়ে জামালৰ পৰা উদ্ধাৰ কৰে প্ৰায় ৫০ লাখ টকাৰ নিচাজাতীয় টেৱলেট।

Leave a Comment