নাগালেণ্ডত ২ বিদ্ৰোহী NSCNৰ ফৈদৰ মাজত সংঘৰ্ষ, নিহত এজন কেডাৰ…

নাগালেণ্ডত পুনৰ ২ বিদ্ৰোহী NSCNৰ ফৈদৰ মাজত সংঘৰ্ষ।

এন এছ চি এন(কে) আৰু এন এছ চি এন(য়ু)ৰ গোটৰ মাজত সংঘৰ্ষৰ ফলত নিহত হয় এজন কেডাৰ।

সংঘৰ্ষত নিহত হোৱা কেডাৰ জন নিক্কি চুমী গোটৰ এগৰাকী শীৰ্ষনেতা বুলি জানিব পৰ গৈছে।

জানিব পৰামতে দেওবাৰে মাজনিশা পেৰেন জিলাৰ খেহইত থকা NSCN ইউনিফিকেচন গোটৰ ডেজিগনেটে কেম্পৰ সমীপত ভাৰত চৰকাৰৰ সৈতে সদ্য যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰা NSCN খাপলাঙৰ নিক্কি চুমী গোটৰ সৈতে মুখামুখি সংৰ্ঘষ হয়।

এই সংঘৰ্ষত নিক্কি চুমী গোটৰ শীৰ্ষনেতা তথা সংগঠনটোৰ অতিৰিক্ত সচিব অটোকা কিনিমি নিহত হয়।

সংঘৰ্ষৰ সন্দৰ্ভত NSCN ইউনিফিকেচন গোটে কয় যে, NSCNৰ নিক্কি চুমী গোটৰ নেতাজনে অন্য তিনি গৰাকী সদস্যক লৈ সোমবাৰে মাজনিশা খেহইত থকা ডেজিগনেটে শিবিৰলৈ পূৰ্বে অপহৰণ কৰি অনা তেওঁলোকৰ সংগঠন কেডাৰক নিবলৈ আহিছিল।

এই খবৰ লাভ কৰা পিছতে ইউনিফিকেচন গোটৰ কিছু কেডাৰে কেম্প পোৱাৰ পূৰ্বে গাড়ীখন ৰ’বলৈ নিৰ্দেশ দিয়ে।

কিন্তু গাড়ীৰ পৰা নামিয়ে নিক্কি চুমী গোটে তেওঁলোকলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰিবলৈ ধৰাত ইউনিফিকেচন গোটেও ওলোটা গুলী চলায়।

ফলত নিক্কি চুমী গোটৰ শীৰ্ষ নেতা নিহত হয় লগতে তাৰে দুজন সদস্যই পলায়ন কৰে আৰু এজনক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে NSCN ইউনিফিকেচন গোটে কিছুদিনৰ পূৰ্বে নিক্কি চুমী গোটৰ দহ গৰাকী কেডাৰক অপহৰণ কৰি নি বলপূৰ্বক চহী কৰাই তেওঁলোকৰ সংগঠনত চামিল কৰিব খুজিছিল।

কিন্তু নিক্কি চুমী গোটৰ সদস্য কেইজনে ইউনিফিকেচন গোট চামিল হবলৈ অমান্তি হৈ তেওঁলোকৰ শীৰ্ষনেতাক এনেদৰে মাতি পঠাইছিল বুলি জানিব দিয়ে।

নগা শান্তি চুক্তিৰ পূৰ্বে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠনসমূহৰ দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষই পৰৱৰ্তী সময়ত কি পৰ্যায় পাই সেয়া লক্ষ্যণীয় হ’ব।

Leave a Comment