পুনৰ শিলচৰত অসমীয়া ভাষাক অপমান, অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং সানি লিখিলে ‘বাংলা লিখুন’

অসমতেই অসমীয়াৰ বিৰুদ্ধে চলিছে ভয়ংকৰ চক্ৰান্ত! জাতিটোক কেঁকোৰা চেপা দি চেপিবলৈ ধৰিছে এক অসমীয়া বিদ্বেষী চক্ৰই।

গৰুখুঁটি কাণ্ডৰ প্ৰসংগক লৈ অসম আন্দোলনৰ শ্বহীদক অপমানৰ পাছত বৰাকত আৰম্ভ হৈছে অসমীয়া ভাষাৰ বিৰুদ্ধে একাংশ বঙালী সংগঠনে আৰম্ভ কৰিছে আন্দোলন।

বৰাকত ইখনৰ পিছত সিখন অসমীয়া ভাষাৰ চৰকাৰী বেনাৰত কলা ৰং সানিছে বঙালী সংগঠনে।

শিলচৰৰ ৰেলষ্টেচনৰ ঘটনা মাৰ নোযাওতেই পুনৰ সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

এইবাৰ শিলচৰৰ ৰামনগৰস্থিত আইএছবিটিত থকা জল জীৱন মিচনৰ পোষ্টাৰত থকা অসমীয়া ভাষা মচি দি কলা ৰং সানি দিয়ে দুস্কৃতিকাৰীয়ে।

দেওবাৰে ৰেল ষ্টেচনত যি সংগঠনটোয়ে কাণ্ড সংঘটিত কৰিছিল সেই সংগঠন দুটায়ে পুনৰ আইএছবিটিত থকা আৰু এখন পোষ্টাৰত অসমীয়া ভাষাত কলা ৰং সানি দিয়ে।

BDYF আৰু সদৌ অসম বাঙালি ছাত্ৰ যুৱ সন্থাই কাণ্ডটো সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন হৈছে৷

দেওবাৰৰ কাণ্ডৰ পিছত ৰাজ্যজুৰি বিভিন্ন দল সংঠনে ধিক্কাৰ গৰিহানৰ প্ৰকাশৰ পাছতো পুনৰ এনে কাণ্ডই হতচকিত কৰি তুলিছে।

উল্লেখ্য যে, ৰেল ষ্টেচনৰ ঘটনাৰ পাছত কাছাৰ জিলা প্ৰশাসনে সংগঠন দুটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে যদিও অনুৰূপ ঘটনা সংঘটিত হোৱাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Comment