অসম

প্ৰায় ডেৰ বছৰৰ অন্তত আজিৰে পৰা খুলিল ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ…

প্ৰায় ডেৰ বছৰৰ অন্তত আজি বিদ্যালয়লৈ যাব ছাত্ৰ ছাত্ৰীসকল।

কিয়নো ক’ভিড প্ৰট’কল মানি আজিৰে পৰা ৰাজ্যত খোলা হৈছে বিদ্যালয়সমূহ।

প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীসমূহৰ আজিৰে পৰা পাঠদান আৰম্ভ।

সপ্তাহত তিনিদিন হ’ব পাঠদান।

শ্ৰেণী কোঠাসমূহত সৰ্বাধিক ৩০জন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকিব পাৰিব।

মাস্ক পৰিধান কৰি, ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলক।

আজিৰে পৰা প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈও আৰম্ভ হ’ব পাঠদান।

উল্লেখ্য যে, ইতিমধ্যে আৰম্ভ হৈছে নৱমৰ পৰা ওপৰৰ শ্ৰেণীৰ পাঠদান।

Leave a Reply

Your email address will not be published. Required fields are marked *