নৈৰ পাৰত মুমুৰ্ষ অৱস্থাত উদ্ধাৰ হাতে-ভৰিয়ে বন্ধা বিবাহিত মহিলাক, ক্ষুব্ধ ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে স্বামী গৃহ…

নিউজ ডেস্কঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত এগৰাকী বিবাহিত মহিলাক হাতে-ভৰিয়ে বন্ধা অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

কাটাখালি নৈৰ পাৰত মুমুৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীক স্বামীগৃহই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ মাতৃপক্ষই।

জানিব পৰা মতে, প্ৰায় দুবছৰ পূৰ্বে বদলা কাটাখালিৰ মহিদুল ইছলাম নামৰ যুৱকজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ৰেহেনাছ পাৰবীন নামৰ যুৱতীগৰাকী।

কিন্তু বিয়াৰ পিছতে স্বামী আৰু স্বামীগৃহৰ পৰিয়ালে ৰেহেনাছৰ ওপৰত শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল।

photo1664792367
নৈৰ পাৰত মুমুৰ্ষ অৱস্থাত উদ্ধাৰ হাতে-ভৰিয়ে বন্ধা বিবাহিত মহিলাক, ক্ষুব্ধ ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে স্বামী গৃহ… 2

আনহাতে দেওবাৰে পুৱা মহিলাগৰাকী নিৰুদ্দেশ হোৱা বুলি স্বামীগৃহই প্ৰচাৰ চলোৱাৰ লগতে মাতৃগৃহকো এই বিষয়ে খবৰ দিয়ে। তাৰ পিছতে মহিলাগৰাকীৰ সন্ধানত বিচাৰ খোচাৰ আৰম্ভ কৰে পৰিয়ালে।

আৰু এই বিচাৰ খোচাৰৰ মাজতে কাটাখালি নৈৰ পাৰত হাতে-ভৰিয়ে বন্ধা মু্মুৰ্ষ আৰু সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ হয় ৰেহেনাছ। তাৰ পিছতে সোণতলী প্রাথমিক স্বাস্থ্যকেন্দ্রত তেওঁক ভৰ্তি কৰোৱা হয়।

ৰেহেনাছৰ পিতৃ-মাতৃয়ে স্বামী মহিদুল আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে মহিলাগৰাকীক হত্যা চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে। যাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

একাংশ ক্ষুব্ধ ৰাইজে ৰেহেনাছৰ স্বামী মহিদুলৰ দুটা ঘৰৰ দুৱাৰ-খিৰিকি ভাঙি লণ্ডভণ্ড কৰে। যাৰ বাবে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়।

ৰেহেনাছৰ পৰিয়াল আৰু স্থানীয় ৰাইজে মহিদুল ইছলাম আৰু তেওঁৰ পৰিয়ালক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনায়।