দেশজুৰি ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সংযুক্ত কিষাণ মৰ্চাৰ…

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাক লৈ দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া।

কৃষক সংগঠনসমূহে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনি আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছে।

ইয়াৰ প্ৰতিবাদত সোমবাৰে সংযুক্ত কিষাণ মৰ্চাই ৬ ঘণ্টীয়া ৰে’ল অৱৰোধ কাৰ্যসূচীৰ আহ্বান জনায়।

দেশৰ বিভিন্ন স্থানত ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনিক অপসাৰণ কৰাৰ আৰু গ্ৰেপ্তাৰৰ দাবী জনাইছে সংযুক্ত কিষাণ মৰ্চাই।

দেওবাৰে কৃষক সংগঠনটোৱে এক বিবৃতি জাৰি কৰি ৰে’ল অৱৰোধ কাৰ্যসূচী পালন কৰিবলৈ আহ্বান জনায়।

১৮ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈকে ৰে’ল চলাচল বন্ধ ৰাখিবলৈ আহ্বান জনায় সংগঠনটোৱে।

বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে যে অজয় মিশ্ৰ টেনিৰ ভাষণে হিন্দু আৰু শিখসকলৰ মাজত ঘৃণা, শত্ৰুতা আৰু সাম্প্ৰদায়িক বিভেদ বৃদ্ধি কৰিছিল। শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকা প্ৰতিবাদকাৰীক মহতিয়াই নিবলৈ মন্ত্ৰীগৰাকীৰ বাহন ব্যৱহাৰ কৰা হৈছিল বুলিও সংগঠনটোৱে অভিযোগ উত্থাপন কৰে।

লগতে সংগঠনটোৱে অভিযোগ কৰে যে, আৰক্ষীয়ে আশীষ মিশ্ৰ টেনিলৈ চমন জাৰি কৰাৰ পাচতো পুত্ৰ আৰু আন সহায়কসকলক সুৰক্ষা প্ৰদানৰ চেষ্টা কৰিছিল।

সেয়ে মন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰ আৰু অপসাৰণৰ দাবীত সোমবাৰে ৰে’ল অৱৰোধ কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে সংযুক্ত কিষাণ মৰ্চাই

Leave a Comment