ৰাষ্ট্ৰীয়

অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণৰ মমতাত ৫ম মহলাৰ পৰা জাপ দিলে বহুতে, ২জনৰ মৃত্যু…

এক ভয়ংকৰ অগ্নিকাণ্ড।

গুজৰাটৰ ছুৰাটত এটা পেকেজিং কোম্পানীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড।

অগ্নিকাণ্ডটোৰ ফলত প্ৰাণৰ মমতাত পঞ্চম মহলাৰ পৰা তললৈ জপিয়াই বহু লোকৰ জীৱন ৰক্ষা কৰাৰ চেষ্টা।

অগ্নিকাণ্ডৰ ঘটনাৰ ফলত দুজনকৈ লোকে কৰুণ ভাৱে মৃত্যুক সাৱটি লয়।

মৃত্যু হোৱা দুয়োজন লোকেই সেই পেকেজিং কোম্পানীৰ শ্ৰমিক আছিল বুলি তথ্য লাভ।

ইয়াৰে এজনৰ অগ্নিকাণ্ডৰ ফলত অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ পঞ্চম মহলাৰ পৰা জপিয়াই দিষাৰ ফলত মৃত্যু হয় বুলি জানিব পৰা গৈছে।

প্ৰশাসনৰ ফালৰ পৰা জানিব দিয়া অনুসৰি উদ্ধাৰকাৰী দলে অট্টালিকাটোৰ পৰা প্ৰায় ১২৫ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *