অসম

মন্ত্ৰী সঞ্জয় কিষানে আলফা স্বাধীনৰ ওচৰত ক্ষমা খুজি ভাল কাম কৰা নাই, প্ৰধানমন্ত্ৰীয়েও দুখ পাইছে: ফণী তালুকদাৰ

নিউজ ডেস্ক। মন্ত্ৰী সঞ্জয় কিষানে আলফাৰ ওচৰত ক্ষমা খুজি ভুল কাম কৰিছে। প্ৰধানমন্ত্ৰীয়েও তেওঁৰ এনে কাৰ্যত দুখ পাইছে। – এই মন্তব্য বিজেপি বিধায়ক ফণী তালুকদাৰৰ।

সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ফণী তালুকদাৰে কয় যে শপত লোৱাৰ পিছত আলফা স্বাধীনৰ ওচৰত মন্ত্ৰী সঞ্জয় কিষানে শপত লৈ ভুল কৰিছে। তেওঁ ইয়াৰ বাবে শাস্তি পাব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।

মন্ত্ৰীজনৰ এনে কাৰ্য্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও দুখ পাইছে বুলি মন্তব্য কৰে বিধায়ক ফণী তালুকদাৰে।

তেওঁ কয় যে, কাৰো ভীতিগ্ৰস্ত নহওঁ বুলি শপত লোৱাৰ পিছত সঞ্জয় কিষানে আলফাৰ ওচৰত ক্ষমা খোজাটো ভাল কাম হোৱা নাই। এই কথা মুখ্যমন্ত্ৰীয়েও বুজি পাইছে আৰু তেওঁৰ ওপৰত ব্যৱস্থা ল’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৪ ঘণ্টাৰ ভিতৰত ২০ ঘণ্টাই কঠোৰ পৰিশ্ৰম কৰে বুলিও মন্তব্য কৰে ফণী তালুকদাৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কঠোৰ সাধনা আৰু কঠোৰ পৰিশ্ৰম কৰা জনেহে মন্ত্ৰীত্ব পাব বুলি মন্তব্য কৰি তালুকদাৰে কয় যে তেওঁক মন্ত্ৰীত্ব দিলেও তেওঁ নলয়।

মন্ত্ৰীত্বৰ বিপৰীতে তেওঁৰ সমষ্টি ভৱানীপুৰক শ্ৰেষ্ঠ ৫টা সমষ্টিৰ ভিতৰত এটা হিচাপে গঢ়ি তোলাৰ বাবেহে তেওঁ কাম কৰিব বিচাৰে বুলিও মন্তব্য কৰে ফণী তালুকদাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *