দুৰ্ঘটনাত একমাত্ৰ সন্তানৰ মৃত্যুৰ পিছত বৃদ্ধ দম্পতীয়ে জন্ম দিলে যমজ সন্তান, বিস্মিত চিকিৎসা বিজ্ঞান…

এহাল বৃদ্ধ দম্পত্তী।

দুৰ্ঘটনাত একমাত্ৰ সন্তানৰ মৃত্যুৰ পিছত বৃদ্ধ দম্পতীয়ে জন্ম দিলে যমজ সন্তান। স্বামী ৭০ বছৰীয়া স্বামী আৰু পত্নীৰ বয়স ৫৪ বছৰ।

স্বামী তপন দত্তৰ বয়স ৭০ বছৰ আৰু পত্নী ৰূপা দত্তৰ বয়স বৰ্তমান ৫৪ বছৰ।

২০১৯ চনৰ জুলাই মাহত ৰে’ল দুৰ্ঘটনাত মৃত্যু হৈছিল দম্পত্তীটোৰ একমাত্ৰ পুত্ৰ অনিন্দ্য দত্তৰ। সন্তান হেৰুৱাই আৱেগিকভাৱে ভাঙি পৰিছিল দত্ত দম্পতী।

কিন্তু পুত্ৰক হেৰুৱাৰ যন্ত্ৰণা অতিক্ৰম কৰি বৃদ্ধ দম্পতীটো পুনৰ লাভ কৰিলে পিতৃ-মাতৃৰ সুখ।

জানিব পৰা মতে, দুৰ্ঘটনাত একমাত্ৰ পুত্ৰৰ মৃত্যু হোৱাৰ পিছত দম্পতীটোৱে পুনৰ সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লয়। কিন্তু, বয়সৰ বাবে কেইবাটাও শাৰীৰিক অসুবিধাই বাধাৰ সৃষ্টি কৰিছিল।

তাৰ পিছতে হাওড়াৰ বাল্লী অঞ্চলৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰি অভিজ্ঞ ডাক্তৰৰ পৰামৰ্শ মতে আগবাঢ়ে আৰু অৱশেষত কলকাতাৰ এখন ব্যক্তিগত নাৰ্চিং হোমত চিকিৎসকৰ সহায়ত বৃদ্ধ দম্পতীয়ে এটি ল’ৰা আৰু এটি কন্যা শিশুৰে এহাল যমজ সন্তান জন্ম দিয়ে।

চলিত বৰ্ষৰ অক্টোবৰ মাহত তেওঁ সন্তান জন্ম দিয়ে, মাতৃ আৰু সন্তানকেইটা কিছুদিন চিকিৎসালয়ত ৰাখি শাৰীৰিক অৱস্থা নিৰীক্ষণ কৰিব লগা হয়।

অৱশেষত পিতৃ-মাতৃ যমজ সন্তানকেইটাৰ সৈতে নিজৰ ঘৰত অশোকনগৰ ককপুল নয়া সমাজলৈ আহে। য’ত ওচৰ-চুবুৰীয়াৰ লগতে পৰিয়ালৰ আন সদস্যসকলেও তেওঁলোকক ফুল চতিয়াই আদৰণি জনাই।