শীঘ্ৰে আইনী ব্যৱস্থা লোৱা হ’ব বদৰুদ্দিন আজমলৰ বিৰুদ্ধে, স্পষ্ট ইংগিত দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই…

আজমলৰ বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

আজমলৰ মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

এজন মৌলানাৰ এনে মন্তব্য কেনেকৈ হ’ব পাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়- আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ হ’ব, কিন্তু চৰকাৰ বেছিকৈ জড়িত নহয়। চৰকাৰ জড়িত হ’লে আজমল পক্ষই সুযোগ ল’ব। আজমলে যাতে সহানুভুতি আদায় কৰিব নোৱাৰে তাৰ ওপৰতো ৰখা হ’ব নজৰ।

তেওঁ কয়- কংগ্ৰেছৰ ঔৰসতেই আজমল, AIUDFৰ জন্ম। দুইটা দল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, A টীম B টীম। আজমলক নিঃশেষ কৰিব লাগিলে বিজেপি শক্তিশালী হ’ব লাগিব।

নিজৰ ভেঁটি সুৰক্ষিত কৰি ২৪ৰ দেওনা পাৰ হ’বলৈয়ে আজমলে এই মন্তব্য কৰিছে বুলিও কয় জয়ন্ত মল্ল বৰুৱাই।

বিভিন্ন সময়ত ভূমিকা লোৱা ৰাজ্যৰ দল-সংগঠনে এতিয়া নিজৰ ভূমিকা পালন কৰক বুলিও কয় মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত হিন্দু-মুছলমানৰ তুলনা কৰি কৈছিল যে, মুছলমান যুৱকে ২২ বছৰ বয়সতে বিয়া পাতি গাৰ্হ্যস্থ জীৱন আৰম্ভ কৰে। মুছলমান যুৱতীয়েও চৰকাৰে বান্ধি দিয়া ১৮ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হয়।

কিন্তু হিন্দু যুৱকে ৪০ বছৰ বয়সলৈকে ২-৩ গৰাকীৰ সৈতে অবৈধ সম্পৰ্ক ৰাখে। সেই সময়ত সন্তান জন্ম হ’বও নিদিয়ে। পিছত পৰিয়ালৰ হেঁচা বা ফান্দত ফঁচি ৪০ বছৰ বয়সত বিয়া পাতে হিন্দু যুৱকে।