ৰাহুল গান্ধীয়ে এবছৰৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰশিক্ষণ লওকঃ পৰমানন্দ ৰাজবংশী…

কংগ্ৰেছ ভাৰত জোড়ো যাত্ৰাক পুনৰ তীব্ৰ সমালোচনা বিজেপি বিধায়কৰ।

এইবাৰ বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশীয়ে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত কৰিছে কেতবোৰ মন্তব্য।

তেওঁ কয়- ‘ভাৰত জোড়ো যাত্ৰা কৰাৰ কি প্ৰয়োজন। কংগ্ৰেছৰ স্বৰূপ বুজিবলৈ এতিয়া বাকী নাই। কোনেও এই যাত্ৰাত সঁহাৰি নজনায়।’

লগতে তেওঁ কয়- ‘মোৰ মতে ৰাহুল গান্ধীয়ে এবছৰৰ বাবে নৰেন্দ্ৰ মোদী আৰু ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰশিক্ষণ লওক। তেতিয়া তেওঁ ৰাষ্ট্ৰৰ বাবে জাতিৰ বাবে কাম কৰিবলৈ শিকিব পাৰিব।’

নগাঁও সাহিত্য সভাৰ  সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিধায়ক ৰাজবংশীয়ে।

আনহাতে অসম সাহিত্য সভাৰ বিতৰ্ক সন্দৰ্ভত তেওঁ কয়- ‘সাহিত্য সভা এটা ডাঙৰ অনুষ্ঠান। সেয়ে বহুতে সমালোচনা কৰি ভাল পায়। মানুহে হাতীলৈ ফৰ্মূতি মাৰি ভাল পায়, কিন্তু নিগনিলৈ কোনেও ফৰ্মূতি নামাৰে।’