দুবছৰৰ মূৰত পুনৰ আৰম্ভ হ’ল ভাৰত-বাংলাদেশৰ ৰেল সেৱা…

পুনৰ আৰম্ভ হ’ল ভাৰত-বাংলাদেশৰ ৰেল সেৱা।

ক’ভিডৰ বাবে দুবছৰে বন্ধ হৈ থকা এই সেৱা দেওবাৰে মুকলি কৰে বাংলাদেশ ৰেল বিভাগৰ সঞ্চালকপ্রধানে।

সেই অনুসৰি কলকাতা-ঢাকাৰ মাজত মৈত্রী এক্সপ্ৰেছ আৰু কলকাতা-খুলনাৰ মাজত বন্ধন এক্সপ্ৰেছৰ চলাচল আৰম্ভ হয়।

image 184
দুবছৰৰ মূৰত পুনৰ আৰম্ভ হ’ল ভাৰত-বাংলাদেশৰ ৰেল সেৱা... 4

২৯ মে’অৰ্থাৎ দেওবাৰে কলকাতাৰ পৰা বন্ধন এক্সপ্ৰেছৰ ফ্লেগ অফৰ সৈতে ভাৰত আৰু বাংলাদেশৰ মাজত যাত্ৰীবাহী ৰে’ল সেৱা পুনৰআৰম্ভ হয়।

কলকাতা আৰু খুলনাৰ মাজত বন্ধন এক্সপ্ৰেছ সপ্তাহত দুদিনকৈ চলিব।

image 182
দুবছৰৰ মূৰত পুনৰ আৰম্ভ হ’ল ভাৰত-বাংলাদেশৰ ৰেল সেৱা... 5

কলকাতাক বাংলাদেশৰ ৰাজধানীৰ সৈতে সংযোগ কৰা মৈত্ৰী এক্সপ্ৰেছ সপ্তাহত পাঁচ দিনকৈ চলিব।

ৰে’লসমূহত প্ৰায় ৪৫০ জন যাত্ৰী কঢ়িওৱা ক্ষমতা থকাৰ লগতে ইয়াত শীতাতপ নিয়ন্ত্ৰিত চেয়াৰ কাৰ আৰু কাৰ্যবাহী শ্ৰেণী আছে।

অৱশ্যে আজি প্রথম দিনটোত বন্ধন এক্সপ্ৰেছত মাত্র ১৯জন আৰু মৈত্রী এক্সপ্ৰেছত ১০০জন যাত্রীয়েহে যাত্ৰা কৰে।

image 183
দুবছৰৰ মূৰত পুনৰ আৰম্ভ হ’ল ভাৰত-বাংলাদেশৰ ৰেল সেৱা... 6

শিয়ালদহ ষ্টেচনৰ জনসম্পৰ্কৰক্ষী বিষয়া এইচ এন গংগোপাধ্যায়ে এই তথ্য প্রকাশ কৰে।

আনহাতে, নিউ জলপাইগুৰি আৰু ঢাকাৰ মাজত চলিবলগীয়া মিতালী এক্সপ্ৰেছৰ সেৱা অহা ১ জুনত দুয়ো দেশৰ ৰেল মন্ত্ৰীয়ে শুভাৰম্ভ কৰিব বুলি এটা বিবৃতিত প্ৰকাশ।

Leave a Comment