ৰাষ্ট্ৰীয়অসমীয়া

UPSC-2021 ৰ ফলাফল ঘােষণাঃ শীৰ্ষস্থানত শ্ৰুতি শৰ্মা

নিউজ ডেস্ক। ঘোষণা হ’ল কেন্দ্ৰীয় লােকসেৱা আয়ােগৰ ২੦২১ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল।

৬৮৫ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে এই পৰীক্ষাত।

ইয়াৰে প্ৰথম স্থান লাভ কৰিছে শ্ৰুতি শৰ্মাই। দ্বিতীয় স্থান লাভ অংকিতা আগৰৱালাই। তৃতীয় স্থান লাভ কৰিছে জামিনী সিংলাই।

FUAACoVaIAEz5NV

শ্ৰুতি শৰ্মা

উল্লেখ্য যে প্ৰথম ৪ টা স্থানসহ প্ৰথম ১੦ টা স্থানত ছাত্ৰীয়ে দখল কৰিবলৈ সক্ষম হৈছে।

শ্ৰুতি শৰ্মাৰ জন্ম উত্তৰ প্ৰদেশৰ বিজনৌৰত।

upsc

গমিনী চিংগলা

আনহাতে, দ্বিতীয় স্থান অংকিতা আগৰৱালা আৰু তৃতীয় স্থান গমিনী চিংগলাই দখল কৰে।

উল্লেখ্য যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফল তালিকা অনুসৰি ৬৮৫ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে।

ইয়াৰে ১৮০ গৰাকী আই এ এছ, ৩৭ গৰাকী আই এফ এছ আৰু ২০০ গৰাকী আই পি এছত উত্তীৰ্ণ হৈছে।

6

অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক ইউ পি এছ চিয়ে তিনিটা ৰাউণ্ডত – প্ৰিলিমছ পৰীক্ষা, মেইনছ পৰীক্ষা আৰু ইন্টাৰভিউ ৰাউণ্ডত প্ৰদৰ্শনৰ ভিত্তিত নিৰ্বাচন কৰে।

এইসকল অসামৰিক সেৱা পৰীক্ষা ২০২১ৰ শীৰ্ষস্থান প্ৰাপ্তসকলঃ

১ম স্থান – শ্ৰুতি শৰ্মা
২য় স্থান- অংকিতা আগৰৱালা
৩য় স্থান – গামিনী চিংগলা
৪ৰ্থ স্থান – ঐশ্বৰ্য বাৰ্মা
৫ম স্থান – উৎকৰ্ষ দ্বিবেদী
৬ নং স্থান – যক্ষ চৌধুৰী
৭ম স্থান – সম্যক এছ জৈন
৮ম স্থান – ইশিতা ৰথী
৯ ম স্থান – প্ৰীতম কুমাৰ
১੦ ম স্থান – হৰকিৰাত সিং ৰন্ধোৱা

ইপিনে, এই ফলাফলত সফলতা লাভ কৰিছে অসমৰ দুই সন্তানে।

৫০৬ নং স্থান লাভ কৰি জিলিকিল অসমৰ শিল্পা খনিকৰ আৰু ৬৩৯ নং স্থান লাভ দেৱজ্যোতি বৰ্মনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *