অসম

চাঞ্চল্যকৰ! দিন দুপৰতে বিদ্যালয়ৰ সন্মুখৰ পৰা ছাত্ৰীক অপহৰণৰ চেষ্টা, গুৰুতৰভাৱে আহত ছাত্ৰী…

এক চাঞ্চল্যকৰ ঘটনা।

দিন দুপৰতে বিদ্যালয়ৰ সন্মুখৰ পৰা এগৰাকী ছাত্ৰীক অপহৰণৰ চেষ্টা।

অপহৰণ কৰিব নোৱাৰি ছাত্ৰীগৰাকীক উপৰ্যুপৰি প্ৰহাৰ অপহৰণকাৰী দলৰ।

দুলীয়াজানৰ চেণ্টজেভিয়াচ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা।

চতুৰ্থ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক সোমবাৰে পুৱা বিদ্যালয়ৰ সন্মুখতেই অপহৰণৰ চেষ্টা চলাই চাৰি-পাঁচজনীয়া অপহৰণকাৰীৰ দলে।

image 181

দুখন বিলাসী গাড়ীত অহিছিল চাৰি-পাঁচজনীয়া অপহৰণকাৰীৰ দলটো।

জানিব পৰা মতে, অপহৰণকাৰী দলটোত যুৱকৰ লগতে যুৱতীও আছিল আৰু সকলোৱে মুখত কাপোৰ বান্ধি আহিছিল।

কিন্তু ছাত্ৰী গৰাকীক অপহৰণ কৰাত ব্যৰ্থ হোৱাত দলটোৱে ছাত্ৰীগৰাকীক উপৰ্যুপৰি প্ৰহাৰ কৰি পলায়ন কৰে।

ছাত্ৰী গৰাকীক বৰ্তমান দুলীয়াজান অইল ইণ্ডিয়া চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

দুলীয়াজান আৰক্ষীয়ে ঘটনা সৰ্ন্দভত আৰম্ভ কৰিছে তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *