দুবছৰৰ পিছত এইবাৰ মাজুলীত অনুষ্ঠিত হ’ব কলাগুৰু মহোৎসৱ! সকলোকে আমন্ত্ৰণ কণ্ঠশিল্পী জুবিন গাৰ্গৰ…

নিউজ ডেস্কঃ দুবছৰৰ পিছত এইবাৰ পুনৰ অনুষ্ঠিত হ’ব কলাগুৰু মহোৎসৱ।

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ তত্বাৱধানত দুবছৰৰ পিছত পুনৰ কলাগুৰু মহোৎসৱ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে জুবিন অনুৰাগী সকলে।

সংগীত মঞ্চৰ পৰাই এই কথা জানিবলৈ দিয়ে কণ্ঠশিল্পী জুবিন গাৰ্গে।

জুবিন গাৰ্গে প্ৰকাশ কৰা মতে, এইবাৰ কলাগুৰু মহোৎসৱ অনুষ্ঠিত হ’ব মাজুলীত।

২০২৪ৰ জানুৱাৰী মাহৰ শেষত অৰ্থাৎ ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এই মহোৎসৱখনি।

এই মহোৎসৱখনিলৈ সকলোকে আমন্ত্ৰণ জনালে কণ্ঠশিল্পী জুবিন গাৰ্গে।

উল্লেখ্য যে, একেৰাহে গীতিকাৰ, সুৰকাৰ, অভিনেতা, বিপ্লৱী নেতা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৰণত প্ৰত্যেক বছৰে ৰাজ্যৰ বেলেগ বেলেগ প্ৰান্তত কলাগুৰু মহোৎসৱ অনুষ্ঠিত কৰি আহিছে জুবিন ফেন্স ক্লাৱে।

কিন্তু কোভিড মহামাৰীৰ আতংকৰ পৰিপ্ৰেক্ষিতত বিগত দুটা বছৰ অনুষ্ঠিত হোৱা নাছিল এই আড়ম্বৰপূৰ্ণ মহোৎসৱখনি।