এক শোকাৱহ পথ দুৰ্ঘটনা।
এখন অচিনাকী চাৰিচকীয়া বাহনে মহতীয়াই নিলে এনফিল্ড বাইক আৰোহীক।
দুৰ্ঘটনাত নিহত হৈছে ৰ’য়েল এনফিল্ড বাইক আৰোহী যুৱক।
চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অধীনৰ মাইবেলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
নিহত যুৱকজন চৰাইদেউ জিলাৰ মাইবেলাৰ ৩৬ বছৰীয়া নৱদীপ গোঁহাই বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাত পতিত ৰ’য়েল এনফিল্ড বাহনখনৰ নম্বৰ AS06R 4616..
ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন চাৰিচকীয়া বাহনখন।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনখনৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে মথুৰাপুৰ আৰক্ষী।
যুৱকজনৰ এনে আকস্মিক মৃত্যুত সমগ্ৰ মাইবেলা অঞ্চলত পৰিছে শোকৰ ছাঁ।









